পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ভাউৰা পুৰাণ।

ডুমুনীক শনি পালে ফুৰে মাছ বেচি।
বৰলাক শনি পালে ফুৰে দুৱাৰ হেচি॥
খাই মৰিল বকাসুৰ ভীমৰ হাতত।
লই মৰিল সিন্ধু ৰাজ পুত্ৰক মুণ্ডক॥
দিবা নৰি বলি ৰজা পাতালক গৈলা।
জানকীক হৰি ৰাৱণ সবংশে মৰিলা॥
কৰ্ণে দিলা গোহাঁইক পুতেকক কাটি।
চিত্ৰলেখাই কুমাৰক আনিছিল মাতি॥
ছয় মাহ শোৱে কুম্ভকৰ্ণ মহাবীৰে।
যুৱতীক দেখিলে যুৱকৰ মন হৰে॥


পচলা কুটা

দিহা—

 লাজে আমাৰ চান্দাৰ চুন্দুৰ
 কৰে নিদাৰুণী মাই॥
সৰু জনী উঠি বলে বৰ জনী বাই।
অতিথি আহিলে মই কি কৰে উপায়॥
বৰ জনী উঠি বলে নকৰো মই চিন্তা।
বাৰীৰ পচলা সৈতে পাতি থৈচো মিতা॥
শোলকা দাখান লই খচ্‌কে সোমাল বাৰী।
চাৰি ফালে বিচাৰি ফুৰে আঠিয়া কলৰ শাৰী।
পচলা কাটিলা তাই দুই মুনিহৰ সাঙি।
ধৰাধৰি কৰি আনি মৈজাত থলা ডাঙি॥
পচলাৰ পানী টুপি মৈজাত বান্ধিলা ডোঙা।
সৰু জনী উঠি বোলে ঘৰতে পালো গঙ্গা॥