পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ভাউৰা পুৰাণ

লেহেৰা লেহেৰী পৰি ভাঙিবো ভৰি
 মাথাৰে মুৰিয়াল নিয়াৰে ভিজাবো
  দুৱাৰে ভিজাবো ভৰি।
হৰি বোল হৰিহে (জোকাৰ দিয়া)
এহিমানৰ কথা এবে এহিমানে থলো।
ভাউৰা পুৰাণৰ গীত ইতিকে কৰিলো॥

⸻⸻

সাঁথৰ—

১। উপৰে থাকন্ত বীৰ নোচোৱন্ত মাটি।
 চাৰি ভাই বিধাতাই থৈছে কাণ কাটি।
 মুৰ খুণ্ডুৱা ভকতে গাথি আছে মালা।
 হুলাবাৰি দি কোকালখন ইফাল সিফাল শালা

২। মাতা ওচৰত নাই বাপে জন্ম দিলা।
 নোহে মিছা বাস্তবিকে মাটিত জন্মিলা।
 শেষে জিয়া তোতে প্ৰবেশিলা পৃথিবীত।
 দৈবে কহে বিচাৰিবা ৰাজ-মহিষীত॥

৩। চৰণে প্ৰহাৰ কৰে ন কৰয় দোষ।
 খাব দিয়ে কাঢ়ি লয় তথাপি সন্তোষ॥
 দেৱতাক নমস্কাৰ কৰে বাৰে বাৰ।
 আপুনি নাখাই দেই অন্যক আহাৰ॥

৪। তিনি ভাজ লাগা বীৰ অতি ভয়ঙ্কৰ।
 কোকালত শলা দেখি ওপজয় ডৰ॥
 এটা মাত্ৰ দাঁত সিয়ো লোহাৰেসে দন্ত।
 পুৱা হলে মাটি কাটি কৰে খণ্ড খণ্ড॥