পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাউৰা পুৰাণ

নামতা নোবোলকৈ থাকো চকু মুজি।
ঘৰত নাপাই ধৰুৱাই যায় গুচি গুচি॥
জাগাই জাগাই কৈ ফুৰো সকলে দেই মান।
গাওঁ কুচেলা সকলে কথাত নেদে কাণ॥


ভাউৰা বেলেগ হোৱা—

দিহা—

 সভা জাগ জাগ জাগৰে লালমণি।
 আহি পালো কাল শনি॥
পানী কাউৰী ডুব মাৰে দুয়ো হাতে খাৰু।
মায়ে থিৰপৰা আন্‌লি আপি বেলেগ হোৱা দাৰূ॥
বেলেগ হোৱা দাৰূ আপি বিন্নাৰ মাজত পালি।
টেঙাৰ আঞ্জা ভাজা মাছে লালেই মাহ্‌নে খালি॥
কন্ধপৰা হতচিৰা তই হৈছা কাল।
মাজ মজিয়াত পাতি দিছা ঠিয়াই তাতৰ শাল॥
ভাগে নিলা ভাগে নিলা ভাগে নিলা গৰু॥
সৰু ডেকাৰ ভাগত পৰিল ভাত ৰান্ধা চৰু॥
ভাগে নিলা ভাগে নিলা ভাগে নিলা তেল।
বৰ ডেকাৰ ভাগত পৰিল সকলখিনি মেল॥
ভাগে নিলা ভাগে নিলা ভাগে নিলা সিহা।
বৰ ডেকাৰ ভাগত পৰিল সকলখিনি দিহা॥
ভাগে নিলা ভাগে নিলা ভাগে নিলা টৌ।
সৰু ডেকাৰ ভাগত পৰিল অশাটনি বৌ॥