বিলাতী পিঠা/চতুৰ্থ ভাগ
জন্ম-তিথি
ধুনীয়া বাবৰি চুলি আৰু মাখনসুপি যেন মঙহাল গাটিৰে থেলোকা লৰাটি। নাম তাৰ অৰুণ। সি দোকমোকালিতে উঠিছে। সেই দিনা তাৰ সাত বছৰীয়া জন্মতিথি। এটা পুৰণিকলীয়া কাৰেং। তাত সি থাকে। লগত এহাল বুঢ়া-বুঢ়ী। বুঢ়ীয়ে তাক সেইদিনা এগচ সোণৰ হাৰ দিছে, তাৰ গাৰ বৰণৰ লগত মিলি যোৱা ধুনীয়া লৰাটিৰ কাৰণে ধুনীয়া হাৰগচি। পিছে হলে হব কি? তাৰ যে সমনীয়া কেওঁ নাই! সি কাৰে উমলিব? তাৰ চাৰিওফালে অলৰ বুঢ়া সংসাৰখন৷ বুঢ়া-বুঢ়ী এহাল। জনমত সিহঁতে হাঁহিৰ নামে মুখখনকে বিদৰোৱা সি দেখা নাই। সদায় সিহঁতৰ গোমোথা মুখ। ঘৰৰ কুকুৰটো বুঢ়া, মেকুৰীজনী বুঢ়ী, আৰু সেই কৌটিকলীয়া বুঢ়া অট্টালিকাটো ডাঙৰ মৰা হাতী এটাৰ জকা এটাৰ দৰে পৰি আছে৷
হাজাৰ হওক, সেইদিনা তাৰ বৰ হেঁপাহৰ সাত বছৰীয়া জন্মতিথি৷ বুঢ়ীয়ে দিয়া হাৰডাল পিন্ধি সি ওচৰৰ বিলখনৰ কাষলৈ গল, মনটো ভাল লগাবলৈ বুলি। কিন্তু কি হব? সেই বিলখনো বুঢ়া। তাতে বুঢ়া গছ এজোপা পৰি আছে। সি আমন-জিমনকৈ তাৰ ওপৰতে বহিল। লগ নাই, সঙ্গ নাই, উমলিবলৈ সমনীয়া নাই! হাবিৰ মাজেদি এটা সুৰুঙালি যেন বাট। এই বাটটোনো বাৰু কলৈ গৈছে? এই পিনে গলে তাৰ সমনীয়া কৰবাত ওলাবনে? কোনে কব? এটি সৰু ধুনীয়া বালিমাহী চৰাই আহি তাৰ ওচৰত নাচি-বাগি ফুৰিছে। অৰুণৰ বেয়া লাগিল। তাক মনৰ দুখেৰে ক'লে, “তই যে মোৰ আগত এইদৰে নাচি-বাগি আছ, তই মোৰ লগত কথা পাতিব পাৰ?” “ওঁ, পাৰোতো। নোৱাৰো কেলেই?” “পাৰ যদিনো ইমান দিন কথা পতা নাই কিয়?’’ “তুমি জানো পাতিছা?’’ অৰুণে অলপ থমকি ৰৈ কলে—“বাৰু, তই মোক কচোন হাবিতলীয়া এই সুৰুঙা বাটটো কলৈ গৈছে? এই পিনে গলে মোৰ লগৰীয়া কাৰবাক পামনে?’’ বালিমাহীটিয়ে কলে— “পাবা। কিন্তু সাহ লাগিব।” “কি সাহ?” “বৰ ভয় লগা টান কাম কৰিবলৈ আগবঢ়াকে সাহ বোলে। পাৰিবা?” অৰুণে অলপ ভাবি-চিন্তি চাই কলে, ‘পাৰিম’। “তেনেহলে তুমি মোৰ পিছে পিছে আহা।”
এনেতে বুঢ়া-বুঢ়ী হাল ওলালহি। অৰুণে বুঢ়ীক কলে— বুঢ়াগছ এজোপা পৰি আছে। সি আমন-জিমনকৈ তাৰ ওপৰতে বহিল৷ “হাবিতলীয়া এই সুৰুঙা বাটটোৱেদি কলৈ যাব পাৰি?” বালিমাহীটিয়ে খং কৰি কলে, “থোৱা, বেগাই আহাঁ।” অৰুণে লাজ পাই আকৌ তাৰ পিছে পিছে গল। অলপ দুৰ গৈ বালিমাহীটিয়ে কলে—“তোমাক কৈছো নহয়, বুঢ়া-বুঢ়ীক কোনো কথা নুসুধিবা৷ যদি তোমাক তোমাৰ সমনীয়া লাগে মোৰ কথা শুনা আৰু সেইমতে কাম কৰা।” “কি কাম?”—অৰুণে সুধিলে। “যেতিয়া সৌ ক'লা ডাৱৰছটাই জোনটো ঢাকি পেলাব আৰু সকলো মানুহ শুই নিহপালি দিব, তেতিয়া তুমি ইয়ালৈ আহিব পাৰিবা?” ‘পাৰিম।’ “কিন্তু সাৱধান, টোপনি নাযাবা। বুঢ়া-বুঢ়ীয়ে তোমাক শোৱা চাবলৈ গলে তুমি টোপনিৰ ভাও জুৰিবা। যোৱা এতিয়া।” আশাভৰা —হিয়াৰে অৰুণ ঘৰলৈ গুচি আহিল৷
ৰাতি বুঢ়া-বুঢ়ীয়ে সজমতে অৰুণক শোৱা এবাৰ চাই গলহি৷ অৰুণে টোপনি ভাও জোৰোতেই সেইপিনে তাৰ চিলমিলকৈ টোপনি আহিল। সি সমাজিক দেখিলে যেন সেই হাবিতলীয়া বাটটোৱেদি গৈ এটা নতুন উজ্জ্বল কাৰেং পালেগৈ। তাত সকলোৱেই তৰুণ, সকলোটি ৰাংঢালি। তাৰ ডেকা ৰজা আৰু গাভৰু ৰাণীয়ে তাক হাঁহিমুখে আদৰি নিছেহি। তাৰ সমনীয়া লৰা-ছোৱালী জাকে তাক উলাহৰ কিৰিলিৰে সম্ভাষণ জনাইছে। আৰু তাৰ চিনাকি যেন সৰু মৰমিয়াল ছোৱালী এজনীয়ে তাক মৰম কৰিছে!—এনেতে সেই বালিমাহী চৰাইটি আহি অৰুণৰ চুলি কেডাল আলফুলকৈ জোকাৰি তাক জগাই দিলে —“ছিঃ। কি কৰিছা? ডাৱৰৰ মাজৰ পৰা জোন ওলাবই এতিয়া! সকলো নষ্ট হব। বেগাই উঠি আহাঁ। মোৰ পিছে পিছে আহাঁ।”
আৰু এটি কথা, এটি মুহূৰ্তও নকটোৱাকৈ অৰুণ বালিমাহীটিৰ পিছে পিছে সেই বিলৰ পাৰ পালেহি। বালিমাহীটিয়ে কলে—“আৰু সৰহ সময় নাই। এই হাবিতলীয়া সুৰুঙা বাটেদি কলৈ যায় আৰু তোমাৰ ওমলাৰ লগৰীয়া ক’ত পায়, এই কথা জানিবলৈ হলে তুমি এই বৰ গছ জোপা যে দেখিছা, তাত যে কিছুমান লতা বগাইছে, সেই লতাবোৰতে ধৰি ওপৰলৈ বগাই উঠি যোৱা। উঠি গৈ এই বৰ গছজোপাৰ একেবাৰে আগত এটা ফেঁচা পাবা। তাক তোমাৰ এই সোণৰ হাৰগচ উপহাৰ দিব আৰু সিয়ে তোমাক তাৰ উপায় দিব। খৰ কৰা।” অৰুণে লতা বোৰেদি বগাই গৈ গৈ বৰ গছ জোপালৈ উঠি গছজোপাৰ আগতে ফেঁচাটো লগ পালে। সি তাৰ সোণৰ হাৰডাল ফেঁচাটোক পিন্ধাই দিলে। ফেঁচাটোৱে ৰঙতে কেবাপাকো নাচিলে। অৰুণে তাক তাৰ প্ৰশ্ন সুধিলে। ফেঁচাটোৱে অৰুণৰ হাতত এটা সঁচাৰ কাঠি গুজি দি কলে—“এই গছজোপাৰ তলতে এটা শহা পহু আছে। সিয়েই তোমাক বাট দেখুৱাই দিব। তুমি সেই বাটে গৈ এটা আনন্দময় অট্টালিকা পাবা, এইটো তাৰে সচাৰকাঠি।
ফেঁচাটোৰ কথামতে হাতত সঁচাৰ কাঠিটি লৈ অৰুণ শহাটোৰ ওচৰ চাপিল। শহাটোৱে ক'লে— “তুমি এই বাটেই গৈ থাকাঁ, গৈ থাকাঁ। বাটত কিন্তু বহুত ভয় লগা জন্তুৱে খেদি আহিব। সেই বোৰলৈ কেৰেপ নকৰি গৈ থাকিবা, কেতিয়াও উলটি নাচাবা। গৈ গৈ এটা অতি ধুনীয়া অট্টালিকা পাবা। ডাৱৰৰ মাজৰ পৰা জোনে নৌ মুখ উলিয়াওতেই তুমি কাৰেঙৰ দুৱাৰখন মেলিবা৷ তেতিয়াই তুমি তোমালৈ বাট চাই থকা বহুত লগৰীয়া লগ পাবা। সাৱধান, খৰ কৰা।”
পিছলৈ নাচাই অৰুণ গৈ আছে। সেই বুঢ়া-বুঢ়ী আৰু সেই ঘৰৰ বুঢ়া কুকুৰটো আৰু বুঢ়ী কুকুৰজনীয়ে তাৰ পিছে পিছে অহা সি গম পাইছে; কিন্তু সি প্ৰাণ টাকি লৰিছে। আৰু ডাৱৰৰ আঁৰৰ পৰা জোন ওলোৱাৰ আগতে সি সেই উজ্জ্বল অট্টালিকাৰ দুৱাৰত সচাৰ কাঠি লগালে। “সুন্দৰ!” সেই ধুনীয়া কাৰেঙৰ পোহৰে যেন তাৰ চকু চাট মাৰি ধৰিলে। সি সমাজিকত দেখা সেই বিতোপন অট্টালিকা! সেই ডেকা ৰজা আৰু সেই গাভৰু ৰাণী, সেই সৰু সৰু লৰা-ছোৱালীৰ জাক, পোৱালী কুকুৰ-মেকুৰী সকলো সি দেখা পালে। সেই চিনাকি চিনাকি যেন লগা সৰু ছোৱালীজনীয়ে হাঁহি হাঁহি অৰুণক সাৱটি ধৰিলে। “তুমি কোন?’’- অৰুণ সুধিলে। “কিয় তুমি আনবোৰক জানো চিনি পাইছা?” “ওঁহো’—অৰুণে লাজত মূৰ খজুৱালে। “বাৰু, তেন্তে কওঁ শুনা। কোনোবা বেয়া অপ্সৰীৰ শাওপাতত আমাৰ ৰাজকাৰেং, আই-বোপাই সকলো বুঢ়া হৈ আছিল। কিন্তু আন এগৰাকী ভাল অপ্সৰীয়ে আশীৰ্ব্বাদ দিছিল, তোমাৰ সাত বছৰীয়া জন্মতিথিৰ দিনা তুমি যদি অদ্ভুত সাহসেৰে সচাৰ কাঠি বিচাৰি আজি কাৰেঙৰ দুৱাৰ মুকলি কৰিব পাৰা, তেনেহলে সেই শাওপাত যাব। এতিয়া তোমাৰ সাহৰ কাৰণেই আমি সেই শাওপাতৰ পৰা ৰক্ষা পৰিলো। এয়া আমাৰ পিতৃ-মাতৃ, বুঢ়া-বুঢ়ী হৈ আছিল। এয়া মই; মোৰ নাম কিৰণ, তোমাৰ ভনীয়েৰ। ময়ে সেই সৰু বালিমাহীটি হৈ তোমাক এই কামলৈ উদ্গাই দিলো। ০০
এধানমান কুজাটি
তাহানিৰ মহা টাৰ্টাৰীৰ কাছগড় নগৰত এজন দৰ্জ্জী তেওঁৰ ঘৈণীয়েকৰ সৈতে বাস কৰিছিল। এদিন সন্ধিয়া সময়ত দৰ্জ্জীজনে দোকানত কাম কৰি আছে, এনেতে কৰবাৰ পৰা এধানমান কুজা মানুহ এটা ধেমেলীয়া গীত গাই গাই সেই দোকানখন সোমালহি। দৰ্জ্জীজনে তাক পাই বৰ ভাল পালে আৰু তাক নি ঘৈণীয়েকক দেখুৱাবলৈ বুলি দোকানখন জপাই সেই এধানমান কুজা মানুহটো লগত লৈ ঘৰলৈ বুলি খোজ ললে।
ঘৰ পাই দেখে যে তেওঁৰ ঘৈণীয়েকে গধূলি আহাৰৰ বাবে সকলো ঠিক কৰি মজিয়াত সুন্দৰকৈ সজাই থৈছে৷ তেতিয়া তিনিওজন খাবলৈ বহিল৷ দুৰ্ভাগ্যক্ৰমে ভাত খাই থাকোতে হঠাতে মাছৰ কাঁইট এটা এধানমানি কুজা মানুহটোৰ ডিঙিত লাগি ধৰিল৷ সি নিজে আৰু দৰ্জ্জীয়েও ঘৈণীয়েকৰ সৈতে বহুত যত্ন কৰিও সেই মাছৰ কাঁইটটো এৰুৱাব নোৱাৰিলে। অলপ পাছতে তেওঁলোক দুয়োৰো আগতে এধানমানি কুজাই চিৰকাললৈ চকু মুদিলে। তেওঁলোক দুয়ো সেই ঘটনাত বৰ ভয় খালে, জানোচা আন মানুহে ভাবিব বোলে তেওঁলোকেই তাক মাৰিলে। সেই কু-নামৰ হাত সাৰিবলৈ দৰ্জ্জী আৰু তেওঁৰ ঘৈণীয়েকে এটা উপায় উলিয়ালে৷
দৰ্জ্জীজনৰ ঘৰৰ ওচৰতে এজন ইহুদী বেজ আছিল। দৰ্জ্জীজন আৰু ঘৈণীয়েক সেই মৰা শৱটো এজনে ভৰিত আৰু আনজনে মুৰত ধৰি দাঙি নি ইহুদী বেজৰ ঘৰ পোৱালেগৈ। শৱটো লৈ খটখটিয়েদি দৰ্জ্জী আৰু ঘৈণীয়েক ওপৰলৈ উঠি দুৱাৰত টুকুৰিয়ালেগৈ। খটখটিয়েদি গোটেই বাটটো বৰ আন্ধাৰ৷ অলপ পৰৰ পাছতে এজনী লিগিৰী ওলাই আহিল; তায়ো হাতত চাকি এটা অনা নাই। দৰ্জ্জীয়ে তাইৰ হাতত অলপ ধন গুজি দি কলে- “তুমি বেজবৰুৱাক কোৱাগৈ বোলে আমি এজন নৰিয়া মানুহ আনিছো আৰু এয়া আগধন অলপ দিছো।’’ লিগিৰীজনী হাতত ধন লৈ ভিতৰলৈ গল। সেই ছেগতে শৱটো বেজবৰুৱাৰ দুৱাৰ মুখতে এৰি ঘৈণীয়েকৰ সৈতে দৰ্জ্জীজন কোবা-কুবিকৈ খটখটিয়েদি নামি ঘৰলৈ উলটিল৷
ইফালে লিগিৰীজনী গৈ বেজবৰুৱাক সকলোবোৰ কথা কলে। দুৰ্ভাগ্যক্ৰমে ভাত খাই থাকোঁতে হঠাতে মাছৰ কাঁইট এটা এধানমানি কুজা মানুহটোৰ ডিঙিত লাগি ধৰিল। আৰু ধনখিনি গুজি দিলে। ধনখিনি পাই বেজবৰুৱাই বৰ ৰং পালে। আন্ধাৰত বাট দেখুৱাবলৈ বুলি লিগিৰীজনীক এটা চাকি আনিবলৈ কলে। কিন্তু ধন পাই ৰঙত তৎ নোহোৱা হৈ তেওঁ তাইলৈ বাট নাচাই আগধৰি আহিল আৰু আন্ধাৰে-মোধাৰে আহি কিবা এটাত উজুটি খালে। কিহতনো উজুটি মাৰিলে বুলি লৰালৰিকৈ লিগিৰীজনীক মাতি আনিলত চাকিৰ পোহৰত দুৱাৰ মুখত একো দেখা নাপালে। নামি আহি খটখটিৰ তলত দেখে এধানমান মানুহৰ শৱ এটা তলত পৰি আছে। বেজবৰুৱাৰ চুলিৰ লাগে জীৱ গল। লাভৰ মুৰত বেমাৰী চাবলৈ আহি তেওঁ এটা মানুহ গুৰিয়াই মাৰিলে। তেতিয়া বেজবৰুৱাই লিগিৰীজনীক পাৰেমানে গালি-শপনি পাৰিলে, আৰু তায়েই মানুহটো মাৰিলে বুলি কলে। বেজবৰুৱাই নিজ দোষত মানুহ মাৰি ঘুৰাই তাইক বদ্নামৰ ভাগী কৰিব খুজিছে বুলি তায়ো চিঞৰ-বাখৰ লগাব খুজিলে। সেই সময়তে বাটেদি কোনোবা মানুহ যোৱা যেন দেখি দুয়ো মনে মনে থাকিল আৰু দুৱাৰখন মাৰি ভিতৰ সোমাল। বেজবৰুৱাই গুৰিয়াই মানুহ মৰা কথা কোৱাত ঘৈণীয়েক মূৰ্চ্ছা যোৱাৰ দৰে হল। কিন্তু চাপৰিলে মেঘ নেৰায়৷ গতিকে বেজবৰুৱাই ঘৈণীয়েকৰ সৈতে বিপদৰ হাত সাৰিবৰ উপায় চিন্তিবলৈ ধৰিলে।
বেজবৰুৱাৰ ঘৰৰ গাত-গা লগা-লগিকৈ এঘৰ মুছলমান আছিল। তেওঁৰ কাম আছিল ছুলতানৰ বাবে, তেল, ঘিউ, মাখন আৰু আন আন খোৱা বস্তুৰ যোগান ধৰা। তেওঁৰ ভৰাল ঘৰটো আছিল থকা ঘৰৰ লগালগি৷ গতিকে বহুত এন্দুৰ আৰু নিগনিয়ে তেওঁৰ ঘৰত নিজানে নিজানে নিজ ৰাজ্য পাতিছিল। বেজবৰুৱানীৰ দিহা মতে বেজবৰুৱাই শেষত সেই এধানমান কুজা মানুহটোৰ শৱটো মি মুছলমান জনৰ ঘৰটোৰ বেৰত ঠিয়কৈ থৈ আহিবলৈ ঠিক কৰিলে৷ তেওঁলোকে সেই শৱটো এনেভাৱে ঠিয়কৈ থৈ আহিছিল যে আঁতৰৰ পৰা বেৰত অউজি থকা এটা জীয়া মানুহ যেন দেখি৷ অলপ পাছতে মুছলমান যোগনিয়াৰজনে হাতত এটা চাকি লৈ কাৰবাৰ ঘৰৰ ভোজ এটাৰ পৰা ঘৰলৈ আহিছে। তেওঁ সেইদৰে এটা মানুহ আঁউজি থকা দেখি সেইটো চোৰ বুলি ভাবি নিজে নিজে কলে— “অ’! এৱেঁই সদায় আহি মোৰ ইয়াৰ এই মাখন-ঘিউ আদি উদং কৰেহি। মই আকৌ নিগনিয়ে খায় বুলিহে ভাবিছিলো। বাৰু! ৰবা; এসেকা পাবা এতিয়া। তুমি মোক আৰু দেখা নিদিবা।” এই বুলি কৈয়েই তেওঁ পোনচাটেই হাত কোঁচাই লৈ এধানমান কুজাক ওপৰাউপৰিকৈ দুটামান খকৰা-মুকুটি মাৰিলে আৰু এধানমান কুজাৰ শৱটো তেতিয়াই তলমুখ কৰি মাটিত পৰিল। সেইদৰে বাগৰি পৰা দেখি যোগনিয়াৰজনে দুগুণ খঙেৰে গুৰিয়াবলৈ আৰু চৰিয়াবলৈ ধৰিলে। খঙ জামৰিলত তেওঁ ভাবিবলৈ ধৰিলে কিয় সিমান মাৰ-কিল খায়ো চোৰটোৱে মুখেৰে একো মতা নাই। অলপ ৰৈ লিৰিকি-বিদাৰি চাই তেওঁ দেখে যে চোৰটোৱে সমূলি কাতি-কুতাও কৰা নাই৷ নিশ্চয় তেওঁৰ গোৰ-চৰতে মানুহটো মৰিল বুলি তেওঁ ঠিৰাং কৰিবলৈ বাধ্য হল, আৰু বেচেৰাই বৰ ভয় খালে। “আহ! মই কি গৰ্হিত কাম কৰিলো! হায়, হায়! কি বিপদ চপাই ললো। এতিয়া নগৰৰ আৰক্ষকবিলাক আহি মোক ধৰি নিব।”
তাৰ পাছত লৰালৰিকৈ তেওঁ সেই মৰা শৱটো কান্ধত লৈ কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আলিবাটৰ এখন দোকানত আকৌ আওজাই থৈ কোনেও নেদেখাকৈ ঘৰলৈ বেগাই গুচি আহিল।
ইফালে দোকমোকালিতে এজন খৃষ্টান সাউদ সেইপিনে গা- বোৱা ঘাটলৈ যাওক। কিবা কাৰণত তেওঁ সাপৰ নেগুৰ ছিগা বেগেৰে এনেকৈ খোজ দিছিল যে মন নকৰাকে হঠাৎ এধানমান কুজাৰ শৱটোৰ আগত থিয় হলহি। সাউদজনে হঠাৎ সেইটো ডকাইত বুলি ভাবি তৎক্ষণাত তাক আক্ৰমণ কৰিলে আৰু ওপৰা-উপৰিকৈ কেইবাটাও খকৰা-মুকুটি মাৰি শেষত ‘ডকাইত, ডকাইত’। বুলি চিঞৰিবলৈ ধৰিলে।
এইদৰে চিঞৰ-বাখৰ কৰা শুনি চাৰিও ফালৰ মানুহ আৰু আৰক্ষকসকল চাপি-কুচি আহিল। তৎক্ষণাত ঘটনাটোৰে বেলেগ গঢ় ললে আৰু মানুহবোৰে চিঞৰ-বাখৰ লগালে বোলে এজন খৃষ্টানে এধানমান কুজা মুছলমান এটিক মাৰি মাৰি আধামৰা কৰিছে৷ মানুহবিলাকে চিঞৰি চিঞৰি ক'লে— “হেৰা, তুমি কি কৰিছা? বেচেৰা এধানমান কুজা মুছলমানটোক কিয় আধা মৰা কৰিলা?’’ সাউদজনে ক'লে— ’‘ই মোক ডকাইতি কৰিব খুজিছিল। আৰু মই তাক আক্ৰমণ নকৰা হলে সি মোক পিছ ফালৰপৰা ডিঙিত টিপা দিলেহেঁতেন।” তেতিয়া মানুহৰ ভিৰ ঠেলি আহি আৰক্ষকাধীক্ষকে দেখে যে মানুহটো আধা মৰা কিয়, একেবাৰে মৰিল! তৎক্ষণাত নৰহত্যা অপৰাধত সাউদজনক ধৰি-বান্ধি বিচাৰকৰ ওচৰলৈ লৈ গ’ল। বিচাৰকে তেওঁক সাম্প্ৰতিকভাবে কাৰাগাৰত থবলৈ আদেশ দিলে।
তাৰ পাছত বিচাৰকজনে আৰক্ষৰকৰ পৰা ঘটনাৰ সকলো বিৱৰণ শুনিলে। তেওঁ তেতিয়ালৈকে সাউদ জনৰ প্ৰাণদণ্ডৰ আদেশ দিয়া নাছিল। বিষয়ৰ গুৰুত্ব বুজি বিচাৰকে সেই কথা ছুলতানক জনালে। ছুলতানে গোটেই ঘটনাটো শুনি কলে— “যোৱা, তোমাৰ বিচাৰ মতে আৱশ্যকীয় কৰ্ত্তব্য কৰাগৈ।” বিচাৰকজন গৈ সাউদজনক প্ৰাণদণ্ড দিবলৈ ঠিক কৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে এজন মুছলমান মানুহক হত্যা কৰা অপৰাধত এজন খৃষ্টানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হব।
তাৰ পাছত সাউদজনক বন্দীশালৰ পৰা উলিয়াই ফাঁচিশাললৈ নিয়া হল। সেই ঠাই লোকেৰে লোকাৰণ্য। খৃষ্টান সাউদজনৰ ডিঙিত ডোল লগাইছে মাত্ৰ, এনেতে সেই মুছলমান যোগনিয়াৰজনে মানুহৰ ভিৰ ঠেলি আহি বিচাৰকৰ ওচৰ চাপি কলে— “ধৰ্ম্মাৱতাৰ, ৰ’ব ৰ’ব। লৰালৰি নকৰিব! ভুল নকৰিব!! খৃষ্টান সাউদজনে মানুহটো মৰা নাই। মইহে মাৰিছিলোঁ।’’ তেতিয়া সকলো মানুহ আচৰিত হল। মুছলমান যোগনিয়াৰজনে কেনেকৈ শৱটো আনি সেই দোকানখনৰ বেৰতে জীয়া মানুহ যেন দেখাকৈ ঠিয়কৈ আওজাই থৈছিল সকলো কথা কলে আৰু তেওঁৰ অপৰাধৰ বাবে এনেকৈ এজন নিৰ্দোষী খৃষ্টান সাউদৰ প্ৰাণদণ্ড হ’বলগা বাবে তেওঁ ঘোৰ অনুতাপ কৰি নিজে সেই ফাঁচি কাঠত উঠিবলৈ গ’ল।
তেতিয়া বিচাৰকে খৃষ্টান সাউদজনক ফঁচি-কাঠৰ পৰা নমাই মুছলমান যোগনিয়াৰজনক তাত তুলি দিলে৷ মুছলমান যোগনিয়াৰজনৰ ডিঙিত ডোল লগাইছেহে মাত্ৰ, এনেতে ঈহুদী বেজবৰুৱাজন বিচাৰকৰ আগলৈ আহি কলে— “ধৰ্ম্মাৱতাৰ! ৰ’ব, ৰ’ব! অন্যায় নকৰিব। সেই মুছলমান যোগনিয়াৰজনে এধানমান কুজাক মৰা নাই। মইহে তাক হত্যা কৰি তেওঁৰ ঘৰৰ খুটাত আওজাই থৈ আহিছিলো। তাৰ বাবে মোৰেহে প্ৰাণদণ্ড হ’ব লাগে।” তেতিয়া সকলো মানুহ আচৰিত হৈ ঈহুদী বেজবৰুৱাজনৰ বিবৃতি শুনিলে। মুছলমান যোগনিয়াৰজনক ফঁচি-কাঠৰ পৰা নমাই সেই ঈহুদী বেজবৰুৱা-জনক ফাঁচি-কাঠত তুলিবলৈ আদেশ দিবলৈ বিচাৰকজন বাধ্য হ’ল। ঈহুদী বেজবৰুৱাজনৰ ডিঙিত ডোল লগাবলৈ ধৰোতেই আগৰ দৰেই জনতাৰ ভিৰ ঠেলি সেই মুছলমান দৰ্জ্জীজনে “ৰ’ব ৰ’ব!” বুলি চিঞৰি চিঞৰি বিচাৰকৰ কাষ চাপি আহি কলে— “ধৰ্ম্মাৱতাৰ’ আপুনি অনাহকত এই নিৰ্দ্দোষ ঈহুদী বেজবৰুৱাজনক প্ৰাণদণ্ড দিব খুজিছিল। এই এধানমান কুজাৰ ঘাই হত্যাকাৰী মইহে।” সকলোৱে আচৰিত হৈ তেওঁৰ বিবৃতি শুনিলে। বিষ্মিত জনতাই আচৰিতৰ ওপৰতে আচৰিত হৈ চতুৰ্থ কাহিনী শুনিলে। বিচাৰকো অতি আচৰিত হৈ চতুৰ্থবাৰত এই দৰ্জ্জীজনক ফাঁচি-কাঠত তুলিবলৈ আদেশ দিলে। ইফালে এই সকলো অদ্ভুত কাহিনী গৈ ছুলতানৰ কাণত পৰিল। ফাঁচি-কাঠত তুলি দৰ্জ্জীজনৰ ডিঙিত ডোল লগাই ওলমাব খুজিছে, এনেতে দূৰৰ পৰা চিঞৰি চিঞৰি আহি ছুলতানৰ এজন বিষয়াই কলে— “ৰবা, ৰবা, দৰ্জ্জীজনৰ ডিঙিত ডোল নলগাবা। ছুলতানে আদেশ দিছে যে শৱটো আৰু বিচাৰকজনে সৈতে চাৰিওজন অপৰাধী ছুলতানৰ আগলৈ নিব লাগে।’’ এইবাৰ বিচাৰকৰ সৈতে সকলো মানুহৰ বুকু কঁপিবলৈ ধৰিলে আৰু সকলো গৈ ছুলতানক সেৱা জনালে। ছুলতানে অপৰাধীকেইজনক এজন এজনকৈ তেওঁৰ আগত ঠিয় কৰালে আৰু শেষত সেই শৱটো চাব খুজিলে। শৱটো আগলৈ অনাত ৰজা বিচূৰ্ত্তি হল যে তেওঁৰ ঘৰৰ পৰা এদিনৰ আগতে হঠাৎ অন্তৰ্দ্ধান হোৱা তেওঁৰ আদৰৰ সেই এধানমান কুজাৰেই এইটো মৰা শৱ! ঘটনাৰ আদ্যোপান্ত শুনি আচৰিত হৈ ছুলতানে নিজে কলে— “পৃথিৱীত এনে আচৰিত ঘটনা কোনোবাই কৰবাত দেখিছানে?’’
এনেতে মানুহৰ ভিৰ ঠেলি এজন বুঢ়া মানুহ ছুলতানৰ আগলৈ আহি তেওঁক প্ৰণাম জনালে৷ মানুহজনক আটায়ে চিনি পায়, “বাগদাদৰ বোবা নাপিত” বুলি তেওঁ সদৌৰে ওচৰত জনাজাত। তেওঁৰ বয়স প্ৰায় চাৰি কুৰি দহ বছৰ। গোটেই ডাড়ি-চুলি পকা। তেওঁ এধানমান কুজাৰ শৱটোৰ ওচৰলৈ গৈ হঠাতে মাটিত বহিল আৰু তেওঁৰ আঠু দুটাৰ মাজত কুজা মানুহটোৰ মূৰটো সুমুৱাই বৰ মনযোগেৰে চাবলৈ ধৰিলে। অলপ পৰৰ পাছতে সি এনে অদ্ভুতভাৱে হাঁহিবলৈ ধৰিলে যে কাছগড়ৰ খোদ ছুলতান আগত থকা কথাও সি পাহৰি পেলালে। সকলো মানুহ আকৌ আচৰিত হল। ছুলতানে নিজে সুধিলে- “বোবা নাপিত, এনে দুখ লগা ঘটনাত আমি সকলো মৰ্ম্মাহত হৈছো। তুমি কিয় ইমানকৈ হাঁহিছা, মোক কোৱা।” ইমান কালৰ মূৰত বোবাৰ মুখত মাত ওলাল— “মহাৰাজ! মই ঈশ্বৰৰ ওচৰত শপত খাই কৈছো, এধানমান কুজা কেতিয়াও মৰা নাই। ইয়াৰ এতিয়াও জীৱ আছে।” ছুলতানকে আদি কৰি কোনেও তাৰ কথাত বিশ্বাস নকৰিলে। তথাপি ছুলতানে কলে বোলে যদি তেওঁৰ মৰমৰ এই এধানমান কুজাক কোনোবাই কেনেবাকৈ জীয়াই দিব পাৰে, তেওঁ তাক এহেজাৰ সোণৰ মোহৰ বঁটা দিব। বোবা নাপিতে এইবাৰ একো নামাতি তেওঁৰ হাতৰ মোনাৰ পৰা অলপ ঔষধ উলিয়াই লৈ এধানমান কুজাৰ ডিঙিত ঘঁহি দিলে। তেতিয়াই এধানমান কুজাই খক্ খক্ কৰিবলৈ ধৰিলে। তাৰ পাছত বোবা নাপিতে তেওঁৰ হাতৰ চেপেনা এডালেৰে লাহেকৈ তাৰ ডিঙিৰ পৰা কাঁইটটো উলিয়াই আনিলে। তৎক্ষণাতে কুজা মানুহটোৱে হাঁচিয়াই দিলে আৰু চকু মেলিলে। সকলো মানুহ স্তম্ভিত হল। ছুলতানে তেওঁৰ মৰমৰ ধেমেলীয়া মানুহটো এইদৰে চাৰিটা মানুহে হত্যা কৰাৰ পাছতো আকৌ জীয়া দেখি বৰ ৰং পালে আৰু আটাইকেইজন দোষীক মুক্তি দিলে। ছুলতানে ৰংমনে সেই বাগদাদৰ বোবা নাপিতক এহেজাৰ সোণৰ মোহৰ বঁটা দি এধানমান কুজাৰ ধেমেলীয়া গীত
শুনি মহাসুখত কাল কটাবলৈ ধৰিলে। ০০ এদিনীয়া ৰজা
তেতিয়া হাৰুণ-আল-ৰছিদৰ ৰাজত্ব কাল। সেই সময়ত বাগদাদ্ চহৰত আছিল এজন বৰ ধনী সদাগৰ। তেওঁৰ একেটি মাত্ৰ পুতেক— আবু হাছান।
আবু হাছানে ডেৰ কুৰি বছৰ বয়সত ভৰি দিওঁতেই তেওঁৰ পিতাকে অজস্ৰ ধন-সম্পত্তি এৰি থৈ শেষ নিশাহ পেলালে। তেতিয়াৰে পৰা এই সম্পত্তিৰ গৰাকী হয় তেওঁৰ একেটি পুতেক আবু হাছান। কিন্তু পিতাকে জীৱিত কালত তেওঁৰ পুতেকক আৱশ্যকীয় ব্যয়ৰ বাহিৰে এটি পইছাও সৰহকৈ নিদিছিল। সেইবাবে তেওঁ এই সম্পত্তিবিলাক পাই অবাবতে ব্যয় কৰিবলৈ ধৰিলে। আবু হাছানে সদায় গধূলি তেওঁৰ লগৰ কিছুমান ডেকাক ভোজ-ভাত খাবলৈ নিমন্ত্ৰণ কৰি অবাবতে সেই সম্পত্তি দুদিনতে শেষ কৰিলে। যেতিয়াই সেই সম্পত্তি নোহোৱা হল আৰু আবু হাছানে বন্ধুসকলক আগৰ দৰে ভোজ-ভাত খুৱাব নোৱৰা হল, তেতিয়াৰে পৰা তেওঁৰ বন্ধুসকলে আবু হাছানক দেখিলেও নামাতি অচিনাকি মানুহৰ দৰে গুচি যায়। আৰু তেওঁৰ এই বিপদতো ৰক্ষা কৰিবলৈ কোনো নাহিল। তেতিয়াহে আবু হাছানে বুজি উঠিল যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। তেতিয়া তেওঁ খঙত একো নাই হৈ তেনে বন্ধুৰ লগ কেতিয়াও নলবলৈ শপত খালে। তাৰ লগে লগেই তেওঁ ঠিক কৰিলে যে তেনে বন্ধু মতাতকৈ সদায় সন্ধিয়া বেলিকা এজন অচিনাকিক তেওঁৰ লগত খাবলৈ মাতি আনিব আৰু সূৰ্য্য দেৱতাই পোহৰ দিয়াৰ লগে লগেই তেওঁক পঠাই দিব আৰু পিছ দিনাৰ বাবে আন এজন আলহী মাতি আনিব।
ইয়াকে মনতে পাঙি আবু হাছানে সদায় সেৱা শুশ্ৰষাৰ যোগাৰ কৰি দিনমণিয়ে মেলানি মগাৰ লগে লগেই বাগদাদৰ দলংখনৰ ওপৰতে বহি থাকে আৰু কোনো অচিনাকি লোক দেখিলে সেই ৰাতিটোৰ বাবে তেওঁৰ পজাত আলহী হবৰ বাবে অনুৰোধ জনাই আহে।
এদিন সেইদৰে সন্ধ্যা দেৱীৰ আগমনিৰ অলপ আগতে আবু হাছানে সেই দলঙতে বহি তেওঁৰ আলহীৰ বাবে বাট চাই আছে।
এনেতে হাৰুণ-আল-ৰছিদ সেইখিনিতে উপস্থিত হলগৈ। যদিও ৰাজ্যৰ বাগদাদৰ দলংখনৰ ওপৰতে বহি থাকে
আছিল। তথাপি প্ৰজা বিলাকে কেনেবাকৈ কষ্ট পায় বুলি তেখেতে প্ৰত্যেক মাহৰে প্ৰথম দিনত ছদ্ম বেশেৰে গোটেই ৰাজ্যত ফুৰিছিল। সেইদিনা তেওঁ ছদ্ম বেশ ধৰিছিল মছুলৰ এজন সদাগৰৰ আৰু যেন তেওঁ সেই সময়ত দলঙৰ ওচৰ পাইছেহি মাত্ৰ। তেওঁৰ লগত আছিল এটা লগুৱা।
আবু হাছানেও তেওঁক মছুলৰ পৰা অহা এজন সাউদ বুলি বিশ্বাস কৰি তেওঁক নমস্কাৰ কৰিলে আৰু ৰাতিটোৰ বাবে তেওঁক তেওঁৰ ঘৰত আলহী হবলৈ অনুৰোধ জনালে। ছদ্মবেশী সাউদেও তাত কি ৰহস্য আছে তাক জানিবৰ বাবে আলহী হবলৈ মান্তি হল।
আবু হাছানে জনাই নাই যে তেওঁ যাক সাধাৰণভাৱে ব্যৱহাৰ কৰিছে, তেখেত হৈছে সেই দেশৰ অধীশ্বৰ। যেতিয়া খোৱা-লোৱা শেষ হল, তেতিয়া আবু হাছানে আলহীক সকলো কথা বহলাই কলে কেনেকৈ সদায় একোজন অচিনাকিক মাতি তেওঁ খুৱাব লগা হল।
এইদৰে তেওঁলোকে কথা-বাৰ্তা হোৱাৰ পাছত ৰজাই ক'লে— “তোমাৰ কথা-বাৰ্তা, সেৱা-শুশ্ৰূষাত মই বৰ সুখী হৈছোঁ। তোমাৰ কিবা উপকাৰ কৰিবলৈ মই সাজু আছোঁ৷ কিবা অভাৱ বা আকাঙ্ক্ষা আছে যদি কোৱা।”
তেতিয়া আৰু হাছানে কলে— “মোৰ তেনে কোনো অভাৱ বা আকাঙ্ক্ষা নাই। মাত্ৰ মোৰ ঘৰৰ ওচৰতে থকা ইমামে মোক বৰ কষ্ট দিয়ে আৰু ওচৰৰ মানুহবিলাককো বৰ দুখ দিয়ে। যদি মই কেনেবাকৈ এদিনৰ কাৰণে হলেও ৰজা হওঁ, তেন্তে সকলো ঠিক কৰিম।”
ৰজাই মনতে হাঁহি ক'লে— “তেতিয়া তুমি কি কৰিবা বাৰু?” হাছানে ক'লে— “মই এনে এটা দিহা কৰিম যাতে সকলো মানুহৰে উপকাৰ হয়।’’
ৰজাই হাছানৰ কথাখিনি শুনি বৰ আনন্দ পালে আৰু তাৰ বাবে এটা দিহা কৰিবলৈ মনতে ঠিক কৰিলে।
এইদৰে কথা-বাৰ্তা পাতি যেতিয়া শুবৰ সময় হল তেতিয়া আবু হাছানে এগিলাছ পানী খাবলৈ থৈছিল। ৰজাই তাতে বুদ্ধি কৰি লালকাল টোপনি অহা ঔষধ এটা মিহলাই দিলে। হাছানে সেই পানী গিলাছ খায়েই নিদ্ৰা দেৱীৰ কোলাত অচেতন হৈ পৰিল। তেতিয়া ৰজাই আবু হাছানক নি ৰাজ-কাৰেঙত থবলৈ আৰু কোনডোখৰ ঠাইৰ পৰা নিছে তাক মনত ৰাখিবলৈ তেওঁৰ লগুৱাটোক কলে। লগুৱাটোৱেও ৰজাই কোৱা মতে কৰিলে আৰু ৰজাও তাৰ পাছে পাছে গল। লগুৱাটোৱে নি আবু হাছানক ৰাজশয্যাত শুৱাই দিলে। ৰজাই গৈ সকলোকে আদেশ দিলে বোলে তেওঁক যেনেকৈ আনকালে মান-সৎকাৰ কৰে, সেই আবু হাছানকো পিছদিনা সেইদৰে মান- সত্কাৰ কৰিব। ৰজাই সেইদৰে আদেশ দি নিজে ওচৰৰ কোঠাটোত লুকাই ৰহস্যটো চাবলৈ বুলি ৰল।
সকলো মানুহে ৰজাৰ আদেশ মতে আবু হাছানক পাছ দিনাৰ পৰা ৰজাৰ দৰে মান-সংকাৰ আৰু ব্যৱহাৰ কৰিবলৈ সাজু হল। আবু হাছানে পিছদিনা সাৰ পোৱা মাত্ৰে সকলোবোৰ দাস-দাসী তেওঁৰ ওচৰলৈ আগবাঢ়ি অহা দেখি তেওঁ সেইবিলাক সপোন নে দিঠক ঠিক কৰিব নোৱাৰা হল। বহুত পৰৰ পাছত তেওঁক সকলোৱে সেইবিলাক সপোন নহয় বুলি বিশ্বাস জন্মালে আৰু পাছত ৰাজ-সাজ পিন্ধাই ৰাজ-সভালৈ লৈ গল। তাত বহুত আমোদ-প্ৰমোেদ উপভোগ কৰিলে।
তাৰ পাছত কেইজনমান বিষয়ক আদেশ দিলে— “তোমালোক এই বাটটোৱেদি গৈ থাকাঁ, তাতে এটা মছজিদ পাবা। তাতে এজন ইমাম আৰু চাৰিজন বুঢ়া ডঢ়ীয়া মানুহ আছে। সেই বুঢ়া চাৰিজনক প্ৰত্যেককে ভৰিত পাঁচ কুৰিকৈ বেত দিয়াগৈ আৰু ইমামজনক চাৰিশ কোব দিবা। তাৰ পাছত তেওঁলোক পাঁচজনক বান্ধি প্ৰত্যেক ঘৰৰ আগেদি লৈ ফুৰিবা। তেতিয়া সকলো মানুহে বুজি উঠিব তেনে অত্যাচাৰী মানুহৰ কেনে শাস্তি হয়।”
বিষয়া কেইজনেও ৰাজ আদেশ পালন কৰিবলৈ গ'ল। তাৰ পাছত আবু হাছানে ধন-ভৰালীক আদেশ কৰিলে এহেজাৰ সোণৰ মোহৰ নি সেই নগৰৰে আবু হাছানৰ মাকক দি আহিবলৈ; আৰু কলে সেই আৰু হাছান বোলা মানুহজনক সকলোৱে চিনি পায়, তেওঁৰ কথা সুধিলে যেয়ে সেয়ে কৈ দিব পাৰিব। বেগাই গৈ বেগাই ঘূৰি আহিবলৈ তেওঁ সিহঁতক আদেশ দিলে। প্ৰণাম জনাই ৰজাৰ ওচৰৰ পৰা সিহঁতে বিদায় ললে। ইফালে মাকে সিমান টকা ৰজাই তেওঁক উপহাৰ দিয়া। বুলি জানি আচৰিত হল৷
হাছানক ৰাজ-সভাৰ পৰা উঠি এযোৰ সোণ-ৰূপ খটোৱা খৰম পিন্ধিবলৈ দিলে। কিন্তু বেচেৰা আবু হাছানে কেতিয়াও সেইবিলাক দেখাই নাই, পিন্ধিব কেনেকৈ! সেই বাবে পিন্ধোতে হঠাতে পৰিব খুজিছিল। তেতিয়া বিষয়াবোৰে মনে মনে হাঁহিবলৈ ধৰিলে আৰু পিন্ধিবলৈ দেখুৱাই দিলে।
সেইদৰে আবু হাছানে সেইদিনা বহুত আনন্দ উপভোগ কৰিলে। শেষত যেতিয়া গধূলি হল তেতিয়া ৰজাৰ আদেশ মতে আবু হাছানক এগিলাছ পানী দিয়া হল আৰু তাতে লালকাল হৈ টোপনি অহা অলপ ঔষধ মিলাই দিলে। পানী গিলাছ খোৱা মাত্ৰকে তেওঁ অচেতন হৈ পৰিল। তেতিয়া ৰজাই তেওঁ লুকাই থকা কোঠাটোৰ পৰা ওলাই আহিল আৰু হাছানক ৰজাৰ সাজপাৰ সলাই, আগৰ কাপোৰ পিন্ধাবলৈ কলে। সাজ সলোৱা হলত নি নিজ ঘৰৰ বিছনাত শুৱাবলৈ আদেশ দিলে আৰু সেইদৰে লগুৱাটোৱে নি থৈ আহিলগৈ।
তেতিয়া ৰজাই ইবিলাক মানুহক কলে— “আবু হাছানে এদিনৰ বাবে ৰজা হৈ ইমামক শাস্তি দিব খুজিছিল। মই তেওঁক তাৰ সুযোগ দিলো। এতিয়া তেওঁ অৱশ্যে সন্তুষ্ট হব পায়।”
পিছদিনা পুৱা নিজ ঘৰত সাৰ পাই হাছানে তেওঁৰ দাস-দাসী বিলাকক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। তেওঁ সেইদৰে চিঞৰি থকা দেখি ওচৰৰ কোঠাটোত শুই থকা তেওঁৰ আয়েক শেষত ওলাই আহিল আৰু সুধিলে- “মোৰ পোনা! তুমি কিয় এনেদৰে চিঞৰিছা? কি হল?” তেতিয়া হাছানে আয়েকলৈ চাই কলে-- “তুমি ক’ৰ তিৰুতা, ইয়ালৈ আহি যে পুতেৰাক মাতিছা?” মাকে ক'লে— “মই তোমাকে মাতিছো, তুমি মোৰ পোনা আবু হাছান নোহোৱা নে? এইটো বৰ আচৰিত কথা যে তুমি মোক চিনি পোৱা নাই।” হাছানে ক'লে— “কি মই তোমাৰ পুতেৰা! ই কেতিয়াও হব নোৱাৰে। তুমি মিছা মাতিছা। মই এজন অধীশ্বৰ।” মাকে বাধা দি কলে— “মোৰ সোণ, তুমি এনে কথা নকবা। আন মানুহে শুনিলে তোমাক পগলা বুলি ধৰি নিব।” হাছানে কলে— “মই কেতিয়াও পগলা হোৱা নাই। তোমাৰ হে অলপ মগজৰ দোষ হৈছে। মই এজন ডাঙৰ ৰজা।’’ মাকে কলে—“মোৰ পোনা! তুমি এনেকৈ নকবা। মই বুজিছো তোমাক ভূতে পালে। তুমি মোৰ পো আবু হাছান আৰু মই তোমাৰ আয়েৰা।”
তাৰ পাছত বহুত সময় ৰৈ আবু হাছানে মাত লগালে— “আই, তুমি সঁচা কৈছা। মই এতিয়া বুজিছোঁ মই আবু হাছান আৰু তুমি মোৰ আই।’’ তেতিয়া মাকে ভাবিলে যে পুতেকে কিবা সপোন দেখিছিল আৰু এতিয়া ভাল হৈছে। কিন্তু অলপ পাছতে আবু হাছান উঠি আকৌ চিঞৰি কলে— “মই তোমাৰ পুতেৰ কেতিয়াও নহয় আৰু তুমি মোৰ আই নোহোৱা। তৎক্ষণাত ইয়াৰ পৰা আঁতৰ হোৱা। মই এজন ডাঙৰ ৰজা।’’
তেতিয়া মাকে কবলৈ ধৰিলে কেনেকৈ ৰজাই তেওঁলৈ এহেজাৰ সোণৰ মোহৰ পঠাই দিছিল আৰু কেনেকৈ ৰজাৰ আদেশ মতে সেই মানুহ কেইজনক কোবাইছিল, তেতিয়া আবু হাছানে কলে-- মই যে এজন ৰজা হয় তাত কোনো সন্দেহ নাই। কাৰণ এই সকলোবোৰ ময়েই দিছিলো।”
বেচেৰী মাকে হাছানক নানান ধৰণে বুজালে। কিন্তু একোতেই তেওঁ বুজনি নামানিলে, শেষত গালি পাৰি মাকক মাৰিবলৈ আহিল। মাকে নিৰুপায় হৈ চিঞৰিবলৈ ধৰিলে। চিঞৰ-বাখৰ শুনি ওচৰ- চুবুৰীয়াবিলাক লৰি আহিল আৰু তেনে কাম কৰাৰ বাবে হাছানক তিৰস্কাৰ কৰি কলে—“আবু হাছান, তুমি কি কৰিছা? লাজ নালাগেনে? তোমাক আয়েৰাই ইমান ভাল পায় আৰু মৰম কৰে।”
তেতিয়া হাছানে তেওঁলোককো বহুত বেয়া কথা কৈ খেদাই দিলে। সকলোৱে ভাবিলে নিশ্চয় আবু হাছানৰ মগজৰ দোষ হৈছে।
অলপ পাছতে মানুহবিলাকে গৈ আৰক্ষকত (পুলিছত) বাতৰি দিয়াত কিছুমান আৰক্ষক আহি আবু হাছানক মৰিয়াই মৰিয়াই পগলা-শালত সুমুৱাই থৈ আহিল। তাত সি বলেৰে এৰাই আহিব খোজাত, ৰখীয়াবোৰে তাক মাৰিবলৈ ধৰিলে। শেষত তাত ৰাখিব নোৱাৰি, লোহাৰ বেৰাত ৰাখিবলৈ ললে।
মাকে দিনৌ তালৈ গৈ পুতেকক চাই আহেগৈ। লাহে লাহে হাছানৰ আগৰ ভ্ৰমবিলাক আঁতৰিবলৈ ধৰিলে আৰু মাক আৰু ওচৰ- চুবুৰীয়াক বেয়া ব্যৱহাৰ কৰা বাবে সি মাকক এদিন ক্ষমা-প্ৰাৰ্থনা কৰিলে আৰু সেই আলহীজনে দুৱাৰখন মেলি থৈ যোৱাৰ বাবে এনে হল বুলি কলে।
মাকে গৈ তাৰ ৰখীয়াক হাছানৰ কথা কোৱাত তাক মুকলি কৰি দিলে। তেওঁ ঘৰলৈ আহি আকৌ আগৰ দৰে থাকিবলৈ ধৰিলে। কিন্তু গধুলি তাৰ অকলে খাবলৈ বেয়া লগা হল।
এদিন গধূলি আগৰ দৰে দলংখনতে বহি আছে এজন অচিনাকি আলহীৰ বাবে। এনেতে তেওঁৰ চকুত পৰিল মছুলৰ পৰা অহা সেই সাউদজন। তেওঁ ভাবিছিল সেই সাউদজনকেই সকলোখিনি দুখ কষ্টৰ মূল বুলি। ছদ্মবেশী ৰজায়ো তাক চিনি পালে।
তেতিয়া ৰজাই তেওঁক আকৌ ৰাতিটোৰ বাবে হাছানৰ ঘৰত খাবলৈ মাতিবলৈ কলে। হাছানে কিন্তু মাতিবলৈ মান্তি নহল আৰু তেওঁৰ গাত আৰক্ষকে কোবোৱা চিনবিলাক দেখুৱালে।
ৰজাই বহুত কথা কৈ হাছানক ফুচুলালে আৰু নানা বুজনি দিলে। শেষত হাছানৰ ঘৰলৈ বুলি দুয়ো খোজ ললে। তেওঁলোকে ঘৰ পায়গৈ মানে সন্ধিয়া লাগিল আৰু আহাৰ খাবৰ সময় হল। দুয়ো খাই-লৈ উঠি বহুত কথা-বতৰা হল। তাৰ পাছত হাছানে খাবলৈ লোৱা পানী গিলাছত ৰজাই আগৰ দৰে মনে মনে ঔষধ মিহলাই দিলে আৰু সেয়া খায়েই হাছান টোপনিত অচেতন হৈ পৰিল। ৰজাই লগুৱাটোক আদেশ দিলে— হাছানক ৰাজকাৰেঙলৈ নিবলৈ আৰু নিজে দুৱাৰখন আগৰ দৰে জপাই গুচি গ'ল।
লগুৱাটোৱে হাছানক নি ৰজাৰ কাপোৰ পিন্ধাই ৰাজ-শয্যাত শুৱাই দিলে। পিছদিনা সাৰ পাই হাছানে আকৌ সেই জাকজমকীয়া দৃশ্য দেখি আচৰিত হল। ৰজাই আগৰ দৰে ওচৰৰ কোঠাটোৰ পৰা সকলো কথা কাম মনে মনে চাই আছে। হাছানে নিজে কবলৈ ধৰিলে-- “মই সেই এমাহৰ আগতে দেখা সপোনটোকে আকৌ দেখিছো“।
এইদৰে হাছানে বহুতপৰ সেইটো সপোন নে দিঠক ঠিক কৰিব পৰা নাই। এবাৰ ভাবিছে সপোন, আকৌ ভাবিছে দিঠকহে। ওচৰতে থকা এজন বিষয়াক হাছানে মাতিলে আৰু কলে- “হেৰা! এইপিনে আহাঁচোন। মোৰ এই কাণখন কামোৰ মাৰি দিয়া। এইবোৰ সপোন নে দিঠক মই ঠিক কৰো। বিষয়াজনে বৰ টানকৈ কামুৰি দিলে আৰু হাছানে দুখ পাই এটা আচৰিত ধৰণৰ চিঞৰ মাৰিলে।
সেই চিঞৰটো মৰা মাত্ৰে সকলোবোৰ বাদ্যযন্ত্ৰ বাজি উঠিল আৰু নাচনীবিলাকে নাচিবলৈ ধৰিলে। হাছানেও সিহঁতৰ লগতে গান গাবলৈ ধৰিলে আৰু লগে লগে ৰাজ-সাজ সোলোকাই পেলালে। শেষত মূৰৰ পৰা টুপীটো সোলোকাই থৈ চকিৰ পৰা জাপ মাৰি গৈ আনবিলাক মানুহৰ লগত নাচিবলৈ ধৰিলে।
ৰজাই ইমান সময় মনে মনে ভিতৰৰ পৰা সকলো চাই আছিল। শেষত এই দৃশ্য দেখি তেওঁ আৰু থাকিব নোৱাৰা হল। ওলাই আহি হাঁহি হাঁহি কলে— “আবু হাছান! আবু হাছান!! তুমি মোক এইদৰে হাঁহি হাঁহি মৰিবলৈ দিব খুজিছানে?”
ৰজাৰ মাতটো শুনি সকলোবোৰ বাদ্য-যন্ত্ৰ আৰু নাচ লাহে লাহে নোহোৱা হল। যি ফালৰ পৰা মাতটো আহিছিল হাছানে সেইফালে চাই দেখিলে সেইজন ৰজা আৰু একেজনেই মছুলৰ পৰা অহা সাউদজন! ৰজাই সকলো কথা ভাঙি-পাতি কলে। তেতিয়া হাছানে গোটেই ঘটনাটো ভালদৰে বুজিলে।
অলপ পাছতে ৰজাই হাছানক ভাল কাপোৰ-কানি পিন্ধিবলৈ দিলে আৰু কলে- “তুমি মোৰ ভাই! তোমাক মই কি সহায় কৰিব পাৰিম কোৱা, হাছান।” হাছানে কলে— “মোক আৰু নো কি লাগিছে? মই গোটেই জীৱন আপোনাৰ গুণ আৰু স্নেহৰ কথাকে সুঁৱৰি থাকিম।’’
হাছানৰ এই শেষৰ কথাৰ প্ৰমাণ পাই ৰজাই বৰ আনন্দত কলে— ‘হাছান, তোমাৰ কথা-বাৰ্তাবোৰ মোৰ বৰ ভাল লাগিল। মই তোমাক মোৰ কাৰেঙৰ এটা কোঠা দি দিছোঁ। তুমি তাতে সদায় থাকিবা। কিছুদিনৰ পাছত ৰাণী জুবেদাৰ লগতো হাছানক চিনাকি কৰি দিলে। ৰাণীয়ে হাছানৰ কথা-বাৰ্তাত বৰ ভাল পালে।
এদিন ৰাণীয়ে ৰজাক কলে তেওঁৰ লিগিৰী নুজহাটৰ লগত বিয়া পাতি দিবলৈ। কাৰণ হাছানে হেনো নুজহাটক বৰ ভাল পায়। ৰজায়ো সেই কথা শুনি হাছানক কৈ বিয়াৰ যো-জা কৰিবলৈ ধৰিলে। ০০
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।