পৃষ্ঠা:Bilati Pitha.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
 

আলহীৰ বাবে। এনেতে তেওঁৰ চকুত পৰিল মছুলৰ পৰা অহা সেই সাউদজন। তেওঁ ভাবিছিল সেই সাউদজনকেই সকলোখিনি দুখ কষ্টৰ মূল বুলি। ছদ্মবেশী ৰজায়ো তাক চিনি পালে।

 তেতিয়া ৰজাই তেওঁক আকৌ ৰাতিটোৰ বাবে হাছানৰ ঘৰত খাবলৈ মাতিবলৈ কলে। হাছানে কিন্তু মাতিবলৈ মান্তি নহল আৰু তেওঁৰ গাত আৰক্ষকে কোবোৱা চিনবিলাক দেখুৱালে।

 ৰজাই বহুত কথা কৈ হাছানক ফুচুলালে আৰু নানা বুজনি দিলে। শেষত হাছানৰ ঘৰলৈ বুলি দুয়ো খোজ ললে। তেওঁলোকে ঘৰ পায়গৈ মানে সন্ধিয়া লাগিল আৰু আহাৰ খাবৰ সময় হল। দুয়ো খাই-লৈ উঠি বহুত কথা-বতৰা হল। তাৰ পাছত হাছানে খাবলৈ লোৱা পানী গিলাছত ৰজাই আগৰ দৰে মনে মনে ঔষধ মিহলাই দিলে আৰু সেয়া খায়েই হাছান টোপনিত অচেতন হৈ পৰিল। ৰজাই লগুৱাটোক আদেশ দিলে— হাছানক ৰাজকাৰেঙলৈ নিবলৈ আৰু নিজে দুৱাৰখন আগৰ দৰে জপাই গুচি গ'ল।

 লগুৱাটোৱে হাছানক নি ৰজাৰ কাপোৰ পিন্ধাই ৰাজ-শয্যাত শুৱাই দিলে। পিছদিনা সাৰ পাই হাছানে আকৌ সেই জাকজমকীয়া দৃশ্য দেখি আচৰিত হল। ৰজাই আগৰ দৰে ওচৰৰ কোঠাটোৰ পৰা সকলো কথা কাম মনে মনে চাই আছে। হাছানে নিজে কবলৈ ধৰিলে-- “মই সেই এমাহৰ আগতে দেখা সপোনটোকে আকৌ দেখিছো“।

 এইদৰে হাছানে বহুতপৰ সেইটো সপোন নে দিঠক ঠিক কৰিব পৰা নাই। এবাৰ ভাবিছে সপোন, আকৌ ভাবিছে দিঠকহে। ওচৰতে থকা এজন বিষয়াক হাছানে মাতিলে আৰু কলে- “হেৰা! এইপিনে আহাঁচোন। মোৰ এই কাণখন কামোৰ মাৰি দিয়া। এইবোৰ সপোন নে দিঠক মই ঠিক কৰো। বিষয়াজনে বৰ টানকৈ কামুৰি দিলে আৰু হাছানে দুখ পাই এটা আচৰিত ধৰণৰ চিঞৰ মাৰিলে।

 সেই চিঞৰটো মৰা মাত্ৰে সকলোবোৰ বাদ্যযন্ত্ৰ বাজি উঠিল আৰু নাচনীবিলাকে নাচিবলৈ ধৰিলে। হাছানেও সিহঁতৰ লগতে গান গাবলৈ ধৰিলে আৰু লগে লগে ৰাজ-সাজ সোলোকাই পেলালে। শেষত মূৰৰ পৰা টুপীটো সোলোকাই থৈ চকিৰ পৰা জাপ মাৰি গৈ আনবিলাক মানুহৰ লগত নাচিবলৈ ধৰিলে।

 ৰজাই ইমান সময় মনে মনে ভিতৰৰ পৰা সকলো চাই আছিল।