পৃষ্ঠা:Bilati Pitha.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
 

আৰু ধনখিনি গুজি দিলে। ধনখিনি পাই বেজবৰুৱাই বৰ ৰং পালে। আন্ধাৰত বাট দেখুৱাবলৈ বুলি লিগিৰীজনীক এটা চাকি আনিবলৈ কলে। কিন্তু ধন পাই ৰঙত তৎ নোহোৱা হৈ তেওঁ তাইলৈ বাট নাচাই আগধৰি আহিল আৰু আন্ধাৰে-মোধাৰে আহি কিবা এটাত উজুটি খালে। কিহতনো উজুটি মাৰিলে বুলি লৰালৰিকৈ লিগিৰীজনীক মাতি আনিলত চাকিৰ পোহৰত দুৱাৰ মুখত একো দেখা নাপালে। নামি আহি খটখটিৰ তলত দেখে এধানমান মানুহৰ শৱ এটা তলত পৰি আছে। বেজবৰুৱাৰ চুলিৰ লাগে জীৱ গল। লাভৰ মুৰত বেমাৰী চাবলৈ আহি তেওঁ এটা মানুহ গুৰিয়াই মাৰিলে। তেতিয়া বেজবৰুৱাই লিগিৰীজনীক পাৰেমানে গালি-শপনি পাৰিলে, আৰু তায়েই মানুহটো মাৰিলে বুলি কলে। বেজবৰুৱাই নিজ দোষত মানুহ মাৰি ঘুৰাই তাইক বদ্‌নামৰ ভাগী কৰিব খুজিছে বুলি তায়ো চিঞৰ-বাখৰ লগাব খুজিলে। সেই সময়তে বাটেদি কোনোবা মানুহ যোৱা যেন দেখি দুয়ো মনে মনে থাকিল আৰু দুৱাৰখন মাৰি ভিতৰ সোমাল। বেজবৰুৱাই গুৰিয়াই মানুহ মৰা কথা কোৱাত ঘৈণীয়েক মূৰ্চ্ছা যোৱাৰ দৰে হল। কিন্তু চাপৰিলে মেঘ নেৰায়৷ গতিকে বেজবৰুৱাই ঘৈণীয়েকৰ সৈতে বিপদৰ হাত সাৰিবৰ উপায় চিন্তিবলৈ ধৰিলে।

 বেজবৰুৱাৰ ঘৰৰ গাত-গা লগা-লগিকৈ এঘৰ মুছলমান আছিল। তেওঁৰ কাম আছিল ছুলতানৰ বাবে, তেল, ঘিউ, মাখন আৰু আন আন খোৱা বস্তুৰ যোগান ধৰা। তেওঁৰ ভৰাল ঘৰটো আছিল থকা ঘৰৰ লগালগি৷ গতিকে বহুত এন্দুৰ আৰু নিগনিয়ে তেওঁৰ ঘৰত নিজানে নিজানে নিজ ৰাজ্য পাতিছিল। বেজবৰুৱানীৰ দিহা মতে বেজবৰুৱাই শেষত সেই এধানমান কুজা মানুহটোৰ শৱটো মি মুছলমান জনৰ ঘৰটোৰ বেৰত ঠিয়কৈ থৈ আহিবলৈ ঠিক কৰিলে৷ তেওঁলোকে সেই শৱটো এনেভাৱে ঠিয়কৈ থৈ আহিছিল যে আঁতৰৰ পৰা বেৰত অউজি থকা এটা জীয়া মানুহ যেন দেখি৷ অলপ পাছতে মুছলমান যোগনিয়াৰজনে হাতত এটা চাকি লৈ কাৰবাৰ ঘৰৰ ভোজ এটাৰ পৰা ঘৰলৈ আহিছে। তেওঁ সেইদৰে এটা মানুহ আঁউজি থকা দেখি সেইটো চোৰ বুলি ভাবি নিজে নিজে কলে— “অ’! এৱেঁই সদায় আহি মোৰ ইয়াৰ এই মাখন-ঘিউ আদি উদং কৰেহি। মই আকৌ নিগনিয়ে খায় বুলিহে ভাবিছিলো। বাৰু! ৰবা; এসেকা পাবা এতিয়া। তুমি মোক আৰু দেখা নিদিবা।” এই বুলি কৈয়েই তেওঁ