পৃষ্ঠা:Bilati Pitha.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
 

অভাৱ-অভিযোগবিলাকত চকু দিবলৈ এই জনা ৰজাৰ অনেক বিষয়া আছিল। তথাপি প্ৰজা বিলাকে কেনেবাকৈ কষ্ট পায় বুলি তেখেতে প্ৰত্যেক মাহৰে প্ৰথম দিনত ছদ্ম বেশেৰে গোটেই ৰাজ্যত ফুৰিছিল। সেইদিনা তেওঁ ছদ্ম বেশ ধৰিছিল মছুলৰ এজন সদাগৰৰ আৰু যেন তেওঁ সেই সময়ত দলঙৰ ওচৰ পাইছেহি মাত্ৰ। তেওঁৰ লগত আছিল এটা লগুৱা।

 আবু হাছানেও তেওঁক মছুলৰ পৰা অহা এজন সাউদ বুলি বিশ্বাস কৰি তেওঁক নমস্কাৰ কৰিলে আৰু ৰাতিটোৰ বাবে তেওঁক তেওঁৰ ঘৰত আলহী হবলৈ অনুৰোধ জনালে। ছদ্মবেশী সাউদেও তাত কি ৰহস্য আছে তাক জানিবৰ বাবে আলহী হবলৈ মান্তি হল।

 আবু হাছানে জনাই নাই যে তেওঁ যাক সাধাৰণভাৱে ব্যৱহাৰ কৰিছে, তেখেত হৈছে সেই দেশৰ অধীশ্বৰ। যেতিয়া খোৱা-লোৱা শেষ হল, তেতিয়া আবু হাছানে আলহীক সকলো কথা বহলাই কলে কেনেকৈ সদায় একোজন অচিনাকিক মাতি তেওঁ খুৱাব লগা হল।

 এইদৰে তেওঁলোকে কথা-বাৰ্তা হোৱাৰ পাছত ৰজাই ক'লে— “তোমাৰ কথা-বাৰ্তা, সেৱা-শুশ্ৰূষাত মই বৰ সুখী হৈছোঁ। তোমাৰ কিবা উপকাৰ কৰিবলৈ মই সাজু আছোঁ৷ কিবা অভাৱ বা আকাঙ্ক্ষা আছে যদি কোৱা।”

 তেতিয়া আৰু হাছানে কলে— “মোৰ তেনে কোনো অভাৱ বা আকাঙ্ক্ষা নাই। মাত্ৰ মোৰ ঘৰৰ ওচৰতে থকা ইমামে মোক বৰ কষ্ট দিয়ে আৰু ওচৰৰ মানুহবিলাককো বৰ দুখ দিয়ে। যদি মই কেনেবাকৈ এদিনৰ কাৰণে হলেও ৰজা হওঁ, তেন্তে সকলো ঠিক কৰিম।”

 ৰজাই মনতে হাঁহি ক'লে— “তেতিয়া তুমি কি কৰিবা বাৰু?” হাছানে ক'লে— “মই এনে এটা দিহা কৰিম যাতে সকলো মানুহৰে উপকাৰ হয়।’’

 ৰজাই হাছানৰ কথাখিনি শুনি বৰ আনন্দ পালে আৰু তাৰ বাবে এটা দিহা কৰিবলৈ মনতে ঠিক কৰিলে।

 এইদৰে কথা-বাৰ্তা পাতি যেতিয়া শুবৰ সময় হল তেতিয়া আবু হাছানে এগিলাছ পানী খাবলৈ থৈছিল। ৰজাই তাতে বুদ্ধি কৰি লালকাল টোপনি অহা ঔষধ এটা মিহলাই দিলে। হাছানে সেই পানী গিলাছ খায়েই নিদ্ৰা দেৱীৰ কোলাত অচেতন হৈ পৰিল। তেতিয়া