“হাবিতলীয়া এই সুৰুঙা বাটটোৱেদি কলৈ যাব পাৰি?”
বালিমাহীটিয়ে খং কৰি কলে, “থোৱা, বেগাই আহাঁ।” অৰুণে লাজ
পাই আকৌ তাৰ পিছে পিছে গল। অলপ দুৰ গৈ বালিমাহীটিয়ে
কলে—“তোমাক কৈছো নহয়, বুঢ়া-বুঢ়ীক কোনো কথা নুসুধিবা৷
যদি তোমাক তোমাৰ সমনীয়া লাগে মোৰ কথা শুনা আৰু সেইমতে
কাম কৰা।” “কি কাম?”—অৰুণে সুধিলে। “যেতিয়া সৌ ক'লা
ডাৱৰছটাই জোনটো ঢাকি পেলাব আৰু সকলো মানুহ শুই নিহপালি
দিব, তেতিয়া তুমি ইয়ালৈ আহিব পাৰিবা?” ‘পাৰিম।’ “কিন্তু
সাৱধান, টোপনি নাযাবা। বুঢ়া-বুঢ়ীয়ে তোমাক শোৱা চাবলৈ গলে
তুমি টোপনিৰ ভাও জুৰিবা। যোৱা এতিয়া।” আশাভৰা —হিয়াৰে
অৰুণ ঘৰলৈ গুচি আহিল৷
ৰাতি বুঢ়া-বুঢ়ীয়ে সজমতে অৰুণক শোৱা এবাৰ চাই গলহি৷ অৰুণে টোপনি ভাও জোৰোতেই সেইপিনে তাৰ চিলমিলকৈ টোপনি আহিল। সি সমাজিক দেখিলে যেন সেই হাবিতলীয়া বাটটোৱেদি গৈ এটা নতুন উজ্জ্বল কাৰেং পালেগৈ। তাত সকলোৱেই তৰুণ, সকলোটি ৰাংঢালি। তাৰ ডেকা ৰজা আৰু গাভৰু ৰাণীয়ে তাক হাঁহিমুখে আদৰি নিছেহি। তাৰ সমনীয়া লৰা-ছোৱালী জাকে তাক উলাহৰ কিৰিলিৰে সম্ভাষণ জনাইছে। আৰু তাৰ চিনাকি যেন সৰু মৰমিয়াল ছোৱালী এজনীয়ে তাক মৰম কৰিছে!—এনেতে সেই বালিমাহী চৰাইটি আহি অৰুণৰ চুলি কেডাল আলফুলকৈ জোকাৰি তাক জগাই দিলে —“ছিঃ। কি কৰিছা? ডাৱৰৰ মাজৰ পৰা জোন ওলাবই এতিয়া! সকলো নষ্ট হব। বেগাই উঠি আহাঁ। মোৰ পিছে পিছে আহাঁ।”
আৰু এটি কথা, এটি মুহূৰ্তও নকটোৱাকৈ অৰুণ বালিমাহীটিৰ পিছে পিছে সেই বিলৰ পাৰ পালেহি। বালিমাহীটিয়ে কলে—“আৰু সৰহ সময় নাই। এই হাবিতলীয়া সুৰুঙা বাটেদি কলৈ যায় আৰু তোমাৰ ওমলাৰ লগৰীয়া ক’ত পায়, এই কথা জানিবলৈ হলে তুমি এই বৰ গছ জোপা যে দেখিছা, তাত যে কিছুমান লতা বগাইছে, সেই লতাবোৰতে ধৰি ওপৰলৈ বগাই উঠি যোৱা। উঠি গৈ এই বৰ গছজোপাৰ একেবাৰে আগত এটা ফেঁচা পাবা। তাক তোমাৰ এই সোণৰ হাৰগচ উপহাৰ দিব আৰু সিয়ে তোমাক তাৰ উপায় দিব। খৰ কৰা।” অৰুণে লতা বোৰেদি বগাই গৈ গৈ বৰ গছ জোপালৈ উঠি গছজোপাৰ আগতে ফেঁচাটো লগ পালে। সি তাৰ সোণৰ হাৰডাল