পৃষ্ঠা:Bilati Pitha.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জন্ম-তিথি

 ধুনীয়া বাবৰি চুলি আৰু মাখনসুপি যেন মঙহাল গাটিৰে থেলোকা লৰাটি। নাম তাৰ অৰুণ। সি দোকমোকালিতে উঠিছে। সেই দিনা তাৰ সাত বছৰীয়া জন্মতিথি। এটা পুৰণিকলীয়া কাৰেং। তাত সি থাকে। লগত এহাল বুঢ়া-বুঢ়ী। বুঢ়ীয়ে তাক সেইদিনা এগচ সোণৰ হাৰ দিছে, তাৰ গাৰ বৰণৰ লগত মিলি যোৱা ধুনীয়া লৰাটিৰ কাৰণে ধুনীয়া হাৰগচি। পিছে হলে হব কি? তাৰ যে সমনীয়া কেওঁ নাই! সি কাৰে উমলিব? তাৰ চাৰিওফালে অলৰ বুঢ়া সংসাৰখন৷ বুঢ়া-বুঢ়ী এহাল। জনমত সিহঁতে হাঁহিৰ নামে মুখখনকে বিদৰোৱা সি দেখা নাই। সদায় সিহঁতৰ গোমোথা মুখ। ঘৰৰ কুকুৰটো বুঢ়া, মেকুৰীজনী বুঢ়ী, আৰু সেই কৌটিকলীয়া বুঢ়া অট্টালিকাটো ডাঙৰ মৰা হাতী এটাৰ জকা এটাৰ দৰে পৰি আছে৷

 হাজাৰ হওক, সেইদিনা তাৰ বৰ হেঁপাহৰ সাত বছৰীয়া জন্মতিথি৷ বুঢ়ীয়ে দিয়া হাৰডাল পিন্ধি সি ওচৰৰ বিলখনৰ কাষলৈ গল, মনটো ভাল লগাবলৈ বুলি। কিন্তু কি হব? সেই বিলখনো বুঢ়া। তাতে বুঢ়া গছ এজোপা পৰি আছে। সি আমন-জিমনকৈ তাৰ ওপৰতে বহিল। লগ নাই, সঙ্গ নাই, উমলিবলৈ সমনীয়া নাই! হাবিৰ মাজেদি এটা সুৰুঙালি যেন বাট। এই বাটটোনো বাৰু কলৈ গৈছে? এই পিনে গলে তাৰ সমনীয়া কৰবাত ওলাবনে? কোনে কব? এটি সৰু ধুনীয়া বালিমাহী চৰাই আহি তাৰ ওচৰত নাচি-বাগি ফুৰিছে। অৰুণৰ বেয়া লাগিল। তাক মনৰ দুখেৰে ক'লে, “তই যে মোৰ আগত এইদৰে নাচি-বাগি আছ, তই মোৰ লগত কথা পাতিব পাৰ?” “ওঁ, পাৰোতো। নোৱাৰো কেলেই?” “পাৰ যদিনো ইমান দিন কথা পতা নাই কিয়?’’ “তুমি জানো পাতিছা?’’ অৰুণে অলপ থমকি ৰৈ কলে—“বাৰু, তই মোক কচোন হাবিতলীয়া এই সুৰুঙা বাটটো কলৈ গৈছে? এই পিনে গলে মোৰ লগৰীয়া কাৰবাক পামনে?’’ বালিমাহীটিয়ে কলে— “পাবা। কিন্তু সাহ লাগিব।” “কি সাহ?” “বৰ ভয় লগা টান কাম কৰিবলৈ আগবঢ়াকে সাহ বোলে। পাৰিবা?” অৰুণে অলপ ভাবি-চিন্তি চাই কলে, ‘পাৰিম’। “তেনেহলে তুমি মোৰ পিছে পিছে আহা।”

 এনেতে বুঢ়া-বুঢ়ী হাল ওলালহি। অৰুণে বুঢ়ীক কলে—