এদিনীয়া ৰজা
তেতিয়া হাৰুণ-আল-ৰছিদৰ ৰাজত্ব কাল। সেই সময়ত বাগদাদ্ চহৰত আছিল এজন বৰ ধনী সদাগৰ। তেওঁৰ একেটি মাত্ৰ পুতেক— আবু হাছান।
আবু হাছানে ডেৰ কুৰি বছৰ বয়সত ভৰি দিওঁতেই তেওঁৰ পিতাকে অজস্ৰ ধন-সম্পত্তি এৰি থৈ শেষ নিশাহ পেলালে। তেতিয়াৰে পৰা এই সম্পত্তিৰ গৰাকী হয় তেওঁৰ একেটি পুতেক আবু হাছান। কিন্তু পিতাকে জীৱিত কালত তেওঁৰ পুতেকক আৱশ্যকীয় ব্যয়ৰ বাহিৰে এটি পইছাও সৰহকৈ নিদিছিল। সেইবাবে তেওঁ এই সম্পত্তিবিলাক পাই অবাবতে ব্যয় কৰিবলৈ ধৰিলে। আবু হাছানে সদায় গধূলি তেওঁৰ লগৰ কিছুমান ডেকাক ভোজ-ভাত খাবলৈ নিমন্ত্ৰণ কৰি অবাবতে সেই সম্পত্তি দুদিনতে শেষ কৰিলে। যেতিয়াই সেই সম্পত্তি নোহোৱা হল আৰু আবু হাছানে বন্ধুসকলক আগৰ দৰে ভোজ-ভাত খুৱাব নোৱৰা হল, তেতিয়াৰে পৰা তেওঁৰ বন্ধুসকলে আবু হাছানক দেখিলেও নামাতি অচিনাকি মানুহৰ দৰে গুচি যায়। আৰু তেওঁৰ এই বিপদতো ৰক্ষা কৰিবলৈ কোনো নাহিল। তেতিয়াহে আবু হাছানে বুজি উঠিল যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। তেতিয়া তেওঁ খঙত একো নাই হৈ তেনে বন্ধুৰ লগ কেতিয়াও নলবলৈ শপত খালে। তাৰ লগে লগেই তেওঁ ঠিক কৰিলে যে তেনে বন্ধু মতাতকৈ সদায় সন্ধিয়া বেলিকা এজন অচিনাকিক তেওঁৰ লগত খাবলৈ মাতি আনিব আৰু সূৰ্য্য দেৱতাই পোহৰ দিয়াৰ লগে লগেই তেওঁক পঠাই দিব আৰু পিছ দিনাৰ বাবে আন এজন আলহী মাতি আনিব।
ইয়াকে মনতে পাঙি আবু হাছানে সদায় সেৱা শুশ্ৰষাৰ যোগাৰ কৰি দিনমণিয়ে মেলানি মগাৰ লগে লগেই বাগদাদৰ দলংখনৰ ওপৰতে বহি থাকে আৰু কোনো অচিনাকি লোক দেখিলে সেই ৰাতিটোৰ বাবে তেওঁৰ পজাত আলহী হবৰ বাবে অনুৰোধ জনাই আহে।
এদিন সেইদৰে সন্ধ্যা দেৱীৰ আগমনিৰ অলপ আগতে আবু হাছানে সেই দলঙতে বহি তেওঁৰ আলহীৰ বাবে বাট চাই আছে। এনেতে হাৰুণ-আল-ৰছিদ সেইখিনিতে উপস্থিত হলগৈ। যদিও ৰাজ্যৰ