পৃষ্ঠা:Bilati Pitha.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
 

পোনচাটেই হাত কোঁচাই লৈ এধানমান কুজাক ওপৰাউপৰিকৈ দুটামান খকৰা-মুকুটি মাৰিলে আৰু এধানমান কুজাৰ শৱটো তেতিয়াই তলমুখ কৰি মাটিত পৰিল। সেইদৰে বাগৰি পৰা দেখি যোগনিয়াৰজনে দুগুণ খঙেৰে গুৰিয়াবলৈ আৰু চৰিয়াবলৈ ধৰিলে। খঙ জামৰিলত তেওঁ ভাবিবলৈ ধৰিলে কিয় সিমান মাৰ-কিল খায়ো চোৰটোৱে মুখেৰে একো মতা নাই। অলপ ৰৈ লিৰিকি-বিদাৰি চাই তেওঁ দেখে যে চোৰটোৱে সমূলি কাতি-কুতাও কৰা নাই৷ নিশ্চয় তেওঁৰ গোৰ-চৰতে মানুহটো মৰিল বুলি তেওঁ ঠিৰাং কৰিবলৈ বাধ্য হল, আৰু বেচেৰাই বৰ ভয় খালে। “আহ! মই কি গৰ্হিত কাম কৰিলো! হায়, হায়! কি বিপদ চপাই ললো। এতিয়া নগৰৰ আৰক্ষকবিলাক আহি মোক ধৰি নিব।”

 তাৰ পাছত লৰালৰিকৈ তেওঁ সেই মৰা শৱটো কান্ধত লৈ কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আলিবাটৰ এখন দোকানত আকৌ আওজাই থৈ কোনেও নেদেখাকৈ ঘৰলৈ বেগাই গুচি আহিল।

 ইফালে দোকমোকালিতে এজন খৃষ্টান সাউদ সেইপিনে গা- বোৱা ঘাটলৈ যাওক। কিবা কাৰণত তেওঁ সাপৰ নেগুৰ ছিগা বেগেৰে এনেকৈ খোজ দিছিল যে মন নকৰাকে হঠাৎ এধানমান কুজাৰ শৱটোৰ আগত থিয় হলহি। সাউদজনে হঠাৎ সেইটো ডকাইত বুলি ভাবি তৎক্ষণাত তাক আক্ৰমণ কৰিলে আৰু ওপৰা-উপৰিকৈ কেইবাটাও খকৰা-মুকুটি মাৰি শেষত ‘ডকাইত, ডকাইত’। বুলি চিঞৰিবলৈ ধৰিলে।

 এইদৰে চিঞৰ-বাখৰ কৰা শুনি চাৰিও ফালৰ মানুহ আৰু আৰক্ষকসকল চাপি-কুচি আহিল। তৎক্ষণাত ঘটনাটোৰে বেলেগ গঢ় ললে আৰু মানুহবোৰে চিঞৰ-বাখৰ লগালে বোলে এজন খৃষ্টানে এধানমান কুজা মুছলমান এটিক মাৰি মাৰি আধামৰা কৰিছে৷ মানুহবিলাকে চিঞৰি চিঞৰি ক'লে— “হেৰা, তুমি কি কৰিছা? বেচেৰা এধানমান কুজা মুছলমানটোক কিয় আধা মৰা কৰিলা?’’ সাউদজনে ক'লে— ’‘ই মোক ডকাইতি কৰিব খুজিছিল। আৰু মই তাক আক্ৰমণ নকৰা হলে সি মোক পিছ ফালৰপৰা ডিঙিত টিপা দিলেহেঁতেন।” তেতিয়া মানুহৰ ভিৰ ঠেলি আহি আৰক্ষকাধীক্ষকে দেখে যে মানুহটো আধা মৰা কিয়, একেবাৰে মৰিল! তৎক্ষণাত