পৃষ্ঠা:Bilati Pitha.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
 

দেখাই নাই, পিন্ধিব কেনেকৈ! সেই বাবে পিন্ধোতে হঠাতে পৰিব খুজিছিল। তেতিয়া বিষয়াবোৰে মনে মনে হাঁহিবলৈ ধৰিলে আৰু পিন্ধিবলৈ দেখুৱাই দিলে।

 সেইদৰে আবু হাছানে সেইদিনা বহুত আনন্দ উপভোগ কৰিলে। শেষত যেতিয়া গধূলি হল তেতিয়া ৰজাৰ আদেশ মতে আবু হাছানক এগিলাছ পানী দিয়া হল আৰু তাতে লালকাল হৈ টোপনি অহা অলপ ঔষধ মিলাই দিলে। পানী গিলাছ খোৱা মাত্ৰকে তেওঁ অচেতন হৈ পৰিল। তেতিয়া ৰজাই তেওঁ লুকাই থকা কোঠাটোৰ পৰা ওলাই আহিল আৰু হাছানক ৰজাৰ সাজপাৰ সলাই, আগৰ কাপোৰ পিন্ধাবলৈ কলে। সাজ সলোৱা হলত নি নিজ ঘৰৰ বিছনাত শুৱাবলৈ আদেশ দিলে আৰু সেইদৰে লগুৱাটোৱে নি থৈ আহিলগৈ।

 তেতিয়া ৰজাই ইবিলাক মানুহক কলে— “আবু হাছানে এদিনৰ বাবে ৰজা হৈ ইমামক শাস্তি দিব খুজিছিল। মই তেওঁক তাৰ সুযোগ দিলো। এতিয়া তেওঁ অৱশ্যে সন্তুষ্ট হব পায়।”

 পিছদিনা পুৱা নিজ ঘৰত সাৰ পাই হাছানে তেওঁৰ দাস-দাসী বিলাকক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। তেওঁ সেইদৰে চিঞৰি থকা দেখি ওচৰৰ কোঠাটোত শুই থকা তেওঁৰ আয়েক শেষত ওলাই আহিল আৰু সুধিলে- “মোৰ পোনা! তুমি কিয় এনেদৰে চিঞৰিছা? কি হল?” তেতিয়া হাছানে আয়েকলৈ চাই কলে-- “তুমি ক’ৰ তিৰুতা, ইয়ালৈ আহি যে পুতেৰাক মাতিছা?” মাকে ক'লে— “মই তোমাকে মাতিছো, তুমি মোৰ পোনা আবু হাছান নোহোৱা নে? এইটো বৰ আচৰিত কথা যে তুমি মোক চিনি পোৱা নাই।” হাছানে ক'লে— “কি মই তোমাৰ পুতেৰা! ই কেতিয়াও হব নোৱাৰে। তুমি মিছা মাতিছা। মই এজন অধীশ্বৰ।” মাকে বাধা দি কলে— “মোৰ সোণ, তুমি এনে কথা নকবা। আন মানুহে শুনিলে তোমাক পগলা বুলি ধৰি নিব।” হাছানে কলে— “মই কেতিয়াও পগলা হোৱা নাই। তোমাৰ হে অলপ মগজৰ দোষ হৈছে। মই এজন ডাঙৰ ৰজা।’’ মাকে কলে—“মোৰ পোনা! তুমি এনেকৈ নকবা। মই বুজিছো তোমাক ভূতে পালে। তুমি মোৰ পো আবু হাছান আৰু মই তোমাৰ আয়েৰা।”

 তাৰ পাছত বহুত সময় ৰৈ আবু হাছানে মাত লগালে— “আই, তুমি সঁচা কৈছা। মই এতিয়া বুজিছোঁ মই আবু হাছান আৰু