পৃষ্ঠা:Bilati Pitha.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
 

শেষত এই দৃশ্য দেখি তেওঁ আৰু থাকিব নোৱাৰা হল। ওলাই আহি হাঁহি হাঁহি কলে— “আবু হাছান! আবু হাছান!! তুমি মোক এইদৰে হাঁহি হাঁহি মৰিবলৈ দিব খুজিছানে?”

 ৰজাৰ মাতটো শুনি সকলোবোৰ বাদ্য-যন্ত্ৰ আৰু নাচ লাহে লাহে নোহোৱা হল। যি ফালৰ পৰা মাতটো আহিছিল হাছানে সেইফালে চাই দেখিলে সেইজন ৰজা আৰু একেজনেই মছুলৰ পৰা অহা সাউদজন! ৰজাই সকলো কথা ভাঙি-পাতি কলে। তেতিয়া হাছানে গোটেই ঘটনাটো ভালদৰে বুজিলে।

 অলপ পাছতে ৰজাই হাছানক ভাল কাপোৰ-কানি পিন্ধিবলৈ দিলে আৰু কলে- “তুমি মোৰ ভাই! তোমাক মই কি সহায় কৰিব পাৰিম কোৱা, হাছান।” হাছানে কলে— “মোক আৰু নো কি লাগিছে? মই গোটেই জীৱন আপোনাৰ গুণ আৰু স্নেহৰ কথাকে সুঁৱৰি থাকিম।’’

 হাছানৰ এই শেষৰ কথাৰ প্ৰমাণ পাই ৰজাই বৰ আনন্দত কলে— ‘হাছান, তোমাৰ কথা-বাৰ্তাবোৰ মোৰ বৰ ভাল লাগিল। মই তোমাক মোৰ কাৰেঙৰ এটা কোঠা দি দিছোঁ। তুমি তাতে সদায় থাকিবা। কিছুদিনৰ পাছত ৰাণী জুবেদাৰ লগতো হাছানক চিনাকি কৰি দিলে। ৰাণীয়ে হাছানৰ কথা-বাৰ্তাত বৰ ভাল পালে।

 এদিন ৰাণীয়ে ৰজাক কলে তেওঁৰ লিগিৰী নুজহাটৰ লগত বিয়া পাতি দিবলৈ। কাৰণ হাছানে হেনো নুজহাটক বৰ ভাল পায়। ৰজায়ো সেই কথা শুনি হাছানক কৈ বিয়াৰ যো-জা কৰিবলৈ ধৰিলে। ০০