পৃষ্ঠা:Bilati Pitha.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
 

কালৰ মূৰত বোবাৰ মুখত মাত ওলাল— “মহাৰাজ! মই ঈশ্বৰৰ ওচৰত শপত খাই কৈছো, এধানমান কুজা কেতিয়াও মৰা নাই। ইয়াৰ এতিয়াও জীৱ আছে।” ছুলতানকে আদি কৰি কোনেও তাৰ কথাত বিশ্বাস নকৰিলে। তথাপি ছুলতানে কলে বোলে যদি তেওঁৰ মৰমৰ এই এধানমান কুজাক কোনোবাই কেনেবাকৈ জীয়াই দিব পাৰে, তেওঁ তাক এহেজাৰ সোণৰ মোহৰ বঁটা দিব। বোবা নাপিতে এইবাৰ একো নামাতি তেওঁৰ হাতৰ মোনাৰ পৰা অলপ ঔষধ উলিয়াই লৈ এধানমান কুজাৰ ডিঙিত ঘঁহি দিলে। তেতিয়াই এধানমান কুজাই খক্ খক্ কৰিবলৈ ধৰিলে। তাৰ পাছত বোবা নাপিতে তেওঁৰ হাতৰ চেপেনা এডালেৰে লাহেকৈ তাৰ ডিঙিৰ পৰা কাঁইটটো উলিয়াই আনিলে। তৎক্ষণাতে কুজা মানুহটোৱে হাঁচিয়াই দিলে আৰু চকু মেলিলে। সকলো মানুহ স্তম্ভিত হল। ছুলতানে তেওঁৰ মৰমৰ ধেমেলীয়া মানুহটো এইদৰে চাৰিটা মানুহে হত্যা কৰাৰ পাছতো আকৌ জীয়া দেখি বৰ ৰং পালে আৰু আটাইকেইজন দোষীক মুক্তি দিলে। ছুলতানে ৰংমনে সেই বাগদাদৰ বোবা নাপিতক এহেজাৰ সোণৰ মোহৰ বঁটা দি এধানমান কুজাৰ ধেমেলীয়া গীত শুনি মহাসুখত কাল কটাবলৈ ধৰিলে। ০০