পৃষ্ঠা:Bilati Pitha.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
 


আগৰ দৰেই জনতাৰ ভিৰ ঠেলি সেই মুছলমান দৰ্জ্জীজনে “ৰ’ব ৰ’ব!” বুলি চিঞৰি চিঞৰি বিচাৰকৰ কাষ চাপি আহি কলে— “ধৰ্ম্মাৱতাৰ’ আপুনি অনাহকত এই নিৰ্দ্দোষ ঈহুদী বেজবৰুৱাজনক প্ৰাণদণ্ড দিব খুজিছিল। এই এধানমান কুজাৰ ঘাই হত্যাকাৰী মইহে।” সকলোৱে আচৰিত হৈ তেওঁৰ বিবৃতি শুনিলে। বিষ্মিত জনতাই আচৰিতৰ ওপৰতে আচৰিত হৈ চতুৰ্থ কাহিনী শুনিলে। বিচাৰকো অতি আচৰিত হৈ চতুৰ্থবাৰত এই দৰ্জ্জীজনক ফাঁচি-কাঠত তুলিবলৈ আদেশ দিলে। ইফালে এই সকলো অদ্ভুত কাহিনী গৈ ছুলতানৰ কাণত পৰিল। ফাঁচি-কাঠত তুলি দৰ্জ্জীজনৰ ডিঙিত ডোল লগাই ওলমাব খুজিছে, এনেতে দূৰৰ পৰা চিঞৰি চিঞৰি আহি ছুলতানৰ এজন বিষয়াই কলে— “ৰবা, ৰবা, দৰ্জ্জীজনৰ ডিঙিত ডোল নলগাবা। ছুলতানে আদেশ দিছে যে শৱটো আৰু বিচাৰকজনে সৈতে চাৰিওজন অপৰাধী ছুলতানৰ আগলৈ নিব লাগে।’’ এইবাৰ বিচাৰকৰ সৈতে সকলো মানুহৰ বুকু কঁপিবলৈ ধৰিলে আৰু সকলো গৈ ছুলতানক সেৱা জনালে। ছুলতানে অপৰাধীকেইজনক এজন এজনকৈ তেওঁৰ আগত ঠিয় কৰালে আৰু শেষত সেই শৱটো চাব খুজিলে। শৱটো আগলৈ অনাত ৰজা বিচূৰ্ত্তি হল যে তেওঁৰ ঘৰৰ পৰা এদিনৰ আগতে হঠাৎ অন্তৰ্দ্ধান হোৱা তেওঁৰ আদৰৰ সেই এধানমান কুজাৰেই এইটো মৰা শৱ! ঘটনাৰ আদ্যোপান্ত শুনি আচৰিত হৈ ছুলতানে নিজে কলে— “পৃথিৱীত এনে আচৰিত ঘটনা কোনোবাই কৰবাত দেখিছানে?’’

 এনেতে মানুহৰ ভিৰ ঠেলি এজন বুঢ়া মানুহ ছুলতানৰ আগলৈ আহি তেওঁক প্ৰণাম জনালে৷ মানুহজনক আটায়ে চিনি পায়, “বাগদাদৰ বোবা নাপিত” বুলি তেওঁ সদৌৰে ওচৰত জনাজাত। তেওঁৰ বয়স প্ৰায় চাৰি কুৰি দহ বছৰ। গোটেই ডাড়ি-চুলি পকা। তেওঁ এধানমান কুজাৰ শৱটোৰ ওচৰলৈ গৈ হঠাতে মাটিত বহিল আৰু তেওঁৰ আঠু দুটাৰ মাজত কুজা মানুহটোৰ মূৰটো সুমুৱাই বৰ মনযোগেৰে চাবলৈ ধৰিলে। অলপ পৰৰ পাছতে সি এনে অদ্ভুতভাৱে হাঁহিবলৈ ধৰিলে যে কাছগড়ৰ খোদ ছুলতান আগত থকা কথাও সি পাহৰি পেলালে। সকলো মানুহ আকৌ আচৰিত হল। ছুলতানে নিজে সুধিলে- “বোবা নাপিত, এনে দুখ লগা ঘটনাত আমি সকলো মৰ্ম্মাহত হৈছো। তুমি কিয় ইমানকৈ হাঁহিছা, মোক কোৱা।” ইমান