পৃষ্ঠা:Bilati Pitha.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
 

তুমি মোৰ আই।’’ তেতিয়া মাকে ভাবিলে যে পুতেকে কিবা সপোন দেখিছিল আৰু এতিয়া ভাল হৈছে। কিন্তু অলপ পাছতে আবু হাছান উঠি আকৌ চিঞৰি কলে— “মই তোমাৰ পুতেৰ কেতিয়াও নহয় আৰু তুমি মোৰ আই নোহোৱা। তৎক্ষণাত ইয়াৰ পৰা আঁতৰ হোৱা। মই এজন ডাঙৰ ৰজা।’’

 তেতিয়া মাকে কবলৈ ধৰিলে কেনেকৈ ৰজাই তেওঁলৈ এহেজাৰ সোণৰ মোহৰ পঠাই দিছিল আৰু কেনেকৈ ৰজাৰ আদেশ মতে সেই মানুহ কেইজনক কোবাইছিল, তেতিয়া আবু হাছানে কলে-- মই যে এজন ৰজা হয় তাত কোনো সন্দেহ নাই। কাৰণ এই সকলোবোৰ ময়েই দিছিলো।”

 বেচেৰী মাকে হাছানক নানান ধৰণে বুজালে। কিন্তু একোতেই তেওঁ বুজনি নামানিলে, শেষত গালি পাৰি মাকক মাৰিবলৈ আহিল। মাকে নিৰুপায় হৈ চিঞৰিবলৈ ধৰিলে। চিঞৰ-বাখৰ শুনি ওচৰ- চুবুৰীয়াবিলাক লৰি আহিল আৰু তেনে কাম কৰাৰ বাবে হাছানক তিৰস্কাৰ কৰি কলে—“আবু হাছান, তুমি কি কৰিছা? লাজ নালাগেনে? তোমাক আয়েৰাই ইমান ভাল পায় আৰু মৰম কৰে।”

 তেতিয়া হাছানে তেওঁলোককো বহুত বেয়া কথা কৈ খেদাই দিলে। সকলোৱে ভাবিলে নিশ্চয় আবু হাছানৰ মগজৰ দোষ হৈছে।

 অলপ পাছতে মানুহবিলাকে গৈ আৰক্ষকত (পুলিছত) বাতৰি দিয়াত কিছুমান আৰক্ষক আহি আবু হাছানক মৰিয়াই মৰিয়াই পগলা-শালত সুমুৱাই থৈ আহিল। তাত সি বলেৰে এৰাই আহিব খোজাত, ৰখীয়াবোৰে তাক মাৰিবলৈ ধৰিলে। শেষত তাত ৰাখিব নোৱাৰি, লোহাৰ বেৰাত ৰাখিবলৈ ললে।

 মাকে দিনৌ তালৈ গৈ পুতেকক চাই আহেগৈ। লাহে লাহে হাছানৰ আগৰ ভ্ৰমবিলাক আঁতৰিবলৈ ধৰিলে আৰু মাক আৰু ওচৰ- চুবুৰীয়াক বেয়া ব্যৱহাৰ কৰা বাবে সি মাকক এদিন ক্ষমা-প্ৰাৰ্থনা কৰিলে আৰু সেই আলহীজনে দুৱাৰখন মেলি থৈ যোৱাৰ বাবে এনে হল বুলি কলে।

 মাকে গৈ তাৰ ৰখীয়াক হাছানৰ কথা কোৱাত তাক মুকলি কৰি দিলে। তেওঁ ঘৰলৈ আহি আকৌ আগৰ দৰে থাকিবলৈ ধৰিলে। কিন্তু গধুলি তাৰ অকলে খাবলৈ বেয়া লগা হল।

 এদিন গধূলি আগৰ দৰে দলংখনতে বহি আছে এজন অচিনাকি