পৃষ্ঠা:Bilati Pitha.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
 

নৰহত্যা অপৰাধত সাউদজনক ধৰি-বান্ধি বিচাৰকৰ ওচৰলৈ লৈ গ’ল। বিচাৰকে তেওঁক সাম্প্ৰতিকভাবে কাৰাগাৰত থবলৈ আদেশ দিলে।

 তাৰ পাছত বিচাৰকজনে আৰক্ষৰকৰ পৰা ঘটনাৰ সকলো বিৱৰণ শুনিলে। তেওঁ তেতিয়ালৈকে সাউদ জনৰ প্ৰাণদণ্ডৰ আদেশ দিয়া নাছিল। বিষয়ৰ গুৰুত্ব বুজি বিচাৰকে সেই কথা ছুলতানক জনালে। ছুলতানে গোটেই ঘটনাটো শুনি কলে— “যোৱা, তোমাৰ বিচাৰ মতে আৱশ্যকীয় কৰ্ত্তব্য কৰাগৈ।” বিচাৰকজন গৈ সাউদজনক প্ৰাণদণ্ড দিবলৈ ঠিক কৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে এজন মুছলমান মানুহক হত্যা কৰা অপৰাধত এজন খৃষ্টানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হব।

 তাৰ পাছত সাউদজনক বন্দীশালৰ পৰা উলিয়াই ফাঁচিশাললৈ নিয়া হল। সেই ঠাই লোকেৰে লোকাৰণ্য। খৃষ্টান সাউদজনৰ ডিঙিত ডোল লগাইছে মাত্ৰ, এনেতে সেই মুছলমান যোগনিয়াৰজনে মানুহৰ ভিৰ ঠেলি আহি বিচাৰকৰ ওচৰ চাপি কলে— “ধৰ্ম্মাৱতাৰ, ৰ’ব ৰ’ব। লৰালৰি নকৰিব! ভুল নকৰিব!! খৃষ্টান সাউদজনে মানুহটো মৰা নাই। মইহে মাৰিছিলোঁ।’’ তেতিয়া সকলো মানুহ আচৰিত হল। মুছলমান যোগনিয়াৰজনে কেনেকৈ শৱটো আনি সেই দোকানখনৰ বেৰতে জীয়া মানুহ যেন দেখাকৈ ঠিয়কৈ আওজাই থৈছিল সকলো কথা কলে আৰু তেওঁৰ অপৰাধৰ বাবে এনেকৈ এজন নিৰ্দোষী খৃষ্টান সাউদৰ প্ৰাণদণ্ড হ’বলগা বাবে তেওঁ ঘোৰ অনুতাপ কৰি নিজে সেই ফাঁচি কাঠত উঠিবলৈ গ’ল।

 তেতিয়া বিচাৰকে খৃষ্টান সাউদজনক ফঁচি-কাঠৰ পৰা নমাই মুছলমান যোগনিয়াৰজনক তাত তুলি দিলে৷ মুছলমান যোগনিয়াৰজনৰ ডিঙিত ডোল লগাইছেহে মাত্ৰ, এনেতে ঈহুদী বেজবৰুৱাজন বিচাৰকৰ আগলৈ আহি কলে— “ধৰ্ম্মাৱতাৰ! ৰ’ব, ৰ’ব! অন্যায় নকৰিব। সেই মুছলমান যোগনিয়াৰজনে এধানমান কুজাক মৰা নাই। মইহে তাক হত্যা কৰি তেওঁৰ ঘৰৰ খুটাত আওজাই থৈ আহিছিলো। তাৰ বাবে মোৰেহে প্ৰাণদণ্ড হ’ব লাগে।” তেতিয়া সকলো মানুহ আচৰিত হৈ ঈহুদী বেজবৰুৱাজনৰ বিবৃতি শুনিলে। মুছলমান যোগনিয়াৰজনক ফঁচি-কাঠৰ পৰা নমাই সেই ঈহুদী বেজবৰুৱা-জনক ফাঁচি-কাঠত তুলিবলৈ আদেশ দিবলৈ বিচাৰকজন বাধ্য হ’ল। ঈহুদী বেজবৰুৱাজনৰ ডিঙিত ডোল লগাবলৈ ধৰোতেই