সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় দৃশ্য]
২১৩
নগা কোঁৱৰ

 ৰতিমন—নোৱাৰিম কিয়? আপুনি লগে লগে থাকিব নহয়!

 চুক্লেন—নিশ্চয় থাকিম। যা ৰতিমন! সোনকালে প্ৰস্তুত হগৈ। ময়ো ওলাওঁ।

[ দুয়োৰে প্ৰস্থান ]

 

—পট পৰে—

⸺⸺


তৃতীয় দৃশ্য
নগাকুঁৱৰীৰ মৈদাম

 [ কণচেং সোমাই দূৰৈত অস্ত্ৰ, পৰিচ্ছদ আদি থৈ লাহে লাহে মাকৰ মৈদামৰ ওচৰ চাপি আহি আঁঠু কাঢ়ি বহেহি ]

 কণচেং—জন্মিছিল এটা দানব! সুহিছিল সাগৰ— মথিছিল সমুদ্ৰ—চুৰ্ণ কৰিছিল পৰ্বত! এটা ধুমুহা—এটা ভূমিকম্প—এটা বিপ্লব—এটা দৈত্য-যেনি গ'ল—অনাবিল অশান্তি-প্ৰলয়—মৰক—অগ্নি—বিভীষিকা—হত্যা মাথোঁ লৈ গল!

 আই! আই! অভিশপ্ত পাপী মই—তোমাৰ পুণ্য মন্দিৰৰ দুৱাৰত থিয় হবৰ অধিকাৰী—নহওঁ! মই হত্যা— মই নৰক—মই সৃষ্টিৰ আবৰ্জ্জনা! ভয় লাগে জানোচা মোৰ কলুষিত নিশ্বাসেৰে তোমাৰ পুণ্য মন্দিৰ কলুষিত কৰোঁ। তথাপি জননী—তোমাৰ পুণ্য মন্দিৰৰ দুৱাৰ—দলিত অভিশপ্ত