পঞ্চম অঙ্ক
প্ৰথম দৃশ্য
ভৰলীৰ পাৰ
[ চাৰিওফালে জুই। পাঠান শিবিৰবিলাক কোনোটা আধাপোৰা, কোনোটো জ্বলি থাকে। পাঠান সেনা যেনি তেনি পলায়— কিছুমান আধাপো্ৰা অবস্থাত মাটিত পৰি ছাতিফুটি কৰি থাকে। কণচেং, চুৰেং, বৰবৰুৱা আৰু কিছুমান আহোম সেনা থিয় হৈ চাই থাকে।]
কণচেং—এইবাৰ পূৰ্ণাহূতি! দিয়া জ্বালি! দিয়া জ্বালি। এনে দাবানল জ্বলি উঠক যেন পাঠানৰ চিনচাবো থাকিব নোৱাৰে। বিশ্বাস ঘাতকৰ এয়ে পৰিণাম! লাগে পূৰ্ণাহূতি! উত্তৰে ভৰলী–পশ্চিমে ভৰলী—দক্ষিণে লুইত—পুবে পাঠানৰ কালান্তক যম—কেনি পলাব—কেনি সাৰিব! তৃপ্ত হোৱা হুতাশন! তৃপ্ত হোৱা সতীৰাণী আইহঁত! তৃপ্ত হোৱা বীৰ- শ্ৰেষ্ঠ জন্মভূমিৰ সেৱকসকল! পাঠানৰ ভষ্ম ছাইৰে আজি তোমালোকৰ হত্যাৰ তৰ্পণ। যোৱা চুৰেং, যোৱা—বৰবৰুৱা উত্তৰ আৰু দক্ষিণ দুৱাৰ ৰক্ষাৰ ভাৰ তোমালোক উভয়ৰ। পূব আৰু পশ্চিমত মই আছোঁ পাঠানৰ সাক্ষাত কৃতান্ত। চাবা যেন পলোৱা পাঠানো—ভৰলীত কিম্বা লুইতত পৰিও নিস্তাব নেপায়।