পৃষ্ঠা:নগা কোঁৱৰ.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য]
২১৭
নগা কোঁৱৰ

 সৌৱা দুৱাৰ! এই পিনেই আহিব। এই খিনিতে সমাধি হব! ক্ষমা কৰিবা দেৱতা—ক্ষমা কৰিবা হে মোৰ চিৰ আৰাধ্য—! লুকাওঁ—এয়ে আহিবৰ সময়!

[ ৰতিমন লুকায় আৰু চুহুমুঙ্গৰ প্ৰবেশ ]

 চুহুম্মুং⸺মোৰ চিৰ আৰাধ্যা—! হে মন্দিৰ অধিষ্ঠাত্ৰী। দেবী! অতৃপ্ত প্ৰাণত মোৰ কেতিয়া শান্তি আনি দিবা জননী—! বৰ অশান্তি! আজীৱন পাপৰ এয়ে নেকি পৰিণাম! ঘৰে পৰে অশান্তি! ৰণৰ কথা ভাবিলে আতঙ্কত বুকু কঁপি উঠে! কণচেং, ভাই মোৰ—ভৰসা তুমি—ভাবিব নোৱাৰোঁ তুমি নাহিলে কি হ'লহেতেন! এতদিনে বা কি হৈছে তাকো কব নোৱাৰোঁ। উস্—ক’ত শান্তি—ক’ত শান্তি।

[ মনে মনে ৰতিমন সোমাই আহি স্বৰ্গদেওৰ পিঠিয়েদি কটাৰী বহুৱাই দিয়ে ]

 উস্—নৰাধম—কোনে—
[ পৰি যায় আৰু মৃত্যু ]

 

 ৰতিমন—হাঃ হাঃ! প্ৰতিশোধ!

 [ পিছ ফালৰ পৰা কণচেং, সোমাই আহি ৰতিমনৰ ডিঙিত ধৰি বুকুত তৰোৱাল বহুৱাই দিয়ে ]

 কণচেং—কি কৰিলি নৰাধম! যদি আৰু এক মুহূৰ্ত্ত আগ বাঢ়িলোঁহেতেন! স্বৰ্গদেও—

 ৰতিমন—আ—স্! তুমি! দেৱতা! বৰ সুখ! বৰ তৃপ্তি!