পৃষ্ঠা:নগা কোঁৱৰ.djvu/২২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২য় দৃশ্য]
২১১
নগা কোঁৱৰ

 চুক্লেন—নহয় ৰতিমন, মই নোৱাৰিম—তই মোৰ বন্ধু— এই বিপদত তই মোক ৰক্ষা কৰ—তই পাৰিবি।

 ৰতিমন—নহয় কোঁৱৰ—এইবোৰ কাম নিজ হাতে কৰাহে ভাল।

 চুক্লেন—একে কথা ৰতিমন। তই কৰা যি মই কৰাও সেয়ে। মোৰ কথাতেই তো কৰিবি।

 ৰতি-ৰাপাটত তো আৰু মই নবহোঁ কোঁৱৰ।

 চুক্লেন—মোৰ হলেই তোৰ ৰতিমন। ৰাজপাট দূৰৰ কথা— তই যদি ইচ্ছা কৰ—মোৰ পাটমাদৈ হেলাও তো!

 ৰতিমন—[ স্বগতঃ ] উস, কি পিশাচ! এনে কথা উচ্চাৰণ কৰিবলৈকো অলপ মনত সঙ্কোচ নহ’ল!

 [ স্বগতঃ ] নহয়! পাৰিবই লাগিব! ময়ে কাৰ্য্য সমাধা কৰিম—পৰিণাম তোক ভুঞ্জাম! ঠিক হব! কাৰ্য্য শেষ কৰি— সকলোকে জনাম—তয়ে পিতৃহন্তা! বন্দিশালত পচিবি! শূলত নাচিবি! প্ৰতিহিংসা পূৰ্ণ হব! পিতৃ মাতৃ তৃপ্ত হব!

 চুক্লেন—কি ভাবিছ ৰতিমন?

 ৰতিমন—ভাবিছোঁ—যদি ইমান দুৰ পাৰে এই কণনো নোৱাৰে কিয়?

 চুক্লেন—নোৱাৰিম কিয়? অৱশ্যে পাৰিম। যদি তই নকৰ ময়ে কৰিব লাগিব। ক’তই নোৱাৰ।

 ৰতিমন—নোৱাৰিম কিয় কোঁৱৰ?

 চুক্লেন—মই জানিছিলোঁ তই কৰিবিয়েই। ৰতিমন! এই থাকোঁতে ঠিক নহব,—মই অন্য উপায় ভাবিছোঁ।