পৃষ্ঠা:নগা কোঁৱৰ.djvu/২১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০৬
[৫ম অঙ্ক
নগা কোঁৱৰ

 কণচেং—লুকু নাই! কি কলি বুবু? লুকুক খাই আহিছোঁ। মই! লুকু! লুকু! সচাকথা, মইয়ে খালোঁ! ৰাক্ষস মই—মইয়ে খাই আহিছোঁ লুকুক! উস—লুকু—

[কান্দে]

 খুণবাও — কানিলে নঅয়! জাতি ল! চেংলুং— জাতি ল!

 কণচেং—বুবু—মই যে লুকুৰ গুৰিলৈ যাবলৈ মোৰ কৰ্ত্তব্য শেষ কৰি আনিছিলোঁ। লুকু—মোৰ! ক বুবু এবাৰ শুনি লওঁ— লুকুৰ মোৰ কি হ’ল!

 খুণবাও—উনিবি—কুব ৰং পাবি—কুব বাল্‌ পাবি। তুৰ কুচি আয়িলে--সুকু পৰ্পত টিং পৰা তুকে দেকি তাকিলে। যিমান দেকিব পালে য়িমান দেকিলে—আমাৰ দেকি পাই কিমান মাতিলে কিমান নামি আয়িব কলে—একু নুউনিলে। উনিবি চেংলুং তাৰ—কি কলে—? কলে——কাকাটিক মই বৰ বাল পাওঁ বুবু—মই যাম—[ আকাশলৈ আঙুলিয়াই ] অউ তাত পৰা কাকাটিক অদায় দিন দেকি তাকিব যাম।

 আৰু উনিবি—আৰু উনিবি চেলুং! আৰু তাৰ কতা নকলে! পৰ্পত টিং পৰা জাপ মাৰি অউ পিনে—কুচি ক’ল।

[আকাশলৈ আঙুলিয়াই দেখুৱায়]

 কণচেং—লুকু—লুকু—ইমান ভালপোৱা তোৰ সেই এধানিমান বুকুখনিত। ৰাক্ষস মই—কি কৰিলোঁ।  খুণবাও—য়েই দিন পৰা তুকে বিচাৰিচুঁ! আজি পাইচুঁ! আজি আৰিব নুৱাৰ! চেংলুং—জাতি ল!