পৃষ্ঠা:নগা কোঁৱৰ.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
[ ৫ম অঙ্ক
নগা কোঁৱৰ

পঠিয়ায়—নিজে যায়—যি কৰে ইচ্ছামতে কৰি থাকিব। মোৰ বুধি শুনে যদি আপুনি আজিয়েই কামটো শেষ কৰক কোঁৱৰ।

 চুক্লেন—তোৰ বুধিনো কেতিয়া শুনা নাই!

 ৰতি—শুনিছে যদি আৰু আজিয়েই এটা কৰি পেলাই কালিলৈ ৰণলৈ যাওঁগৈ ওলাওক।

 চুক্লেন—মোক তই নিজ হাতে কৰিবলৈ কৱ!

 ৰতিমন—আকৌনো কি? এইবোৰ কাম—নিজ হাতে কৰাই ভাল!

 চুক্লেন—নিজ হাতে! পাৰিম তো!

 ৰতি—কিয়নো নোৱাৰিব! আপোনাৰ যি এনেকুৱা কৰিব পাৰে—

 চুক্লেন—ঠিক কৈছ ৰতিমন, পৰিবই লাগিব।

 ৰতি—অৱশ্যে।

 চুক্লেন-পিছে—কেতিয়া-

 ৰতি—আকৌ বোলে কেতিয়া? আজিয়েই!

 চুক্লেন—কেনেকই?

 ৰতি—শুই থাকেঁতে! চোকা কটাৰীৰে—ডিঙিত মাথোন এটা ৰে।

 চুক্লেন—যদি কোনোবাই দেখা পায়!

 ৰতিমন—ইমান ভয় কৰিলে নচলে কোঁৱৰ। যদি কোনোবাই দেখা পায়—ধন দি মুখ মাৰিব লাগিব—সকলো ধনৰ বইচ।