পৃষ্ঠা:নগা কোঁৱৰ.djvu/২১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০৪
[৫ম অঙ্ক
নগা কোঁৱৰ

 পাঠানৰ কেঁচা তেজেৰে আজি পৃথিবী ৰঙা—যোৱা বীৰহঁত এইবাৰ লুইতৰ পানী ৰঙা কৰি দিয়াগৈ।

[ চুৰেং আৰু বৰবৰুৱাৰ প্ৰস্থান ]

 আহাঁ ভাইহঁত—আমি যাওঁ চাওঁগৈ ক’ত আছে তুৰ্ব্বক,— বঙাল নৰকী?

[ কণচেং আৰু সেনাবোৰৰ প্ৰস্থান ]

[ হাতত এডাল জাটিলৈ খুণবাওৰ প্ৰবেশ ]

 খুণবাও—দেকিচুঁ! দেকিচুঁ! কতে আৰিবি? তাতে আৰিলি—ইয়াতে আৰিলি! আৰু কেদিম! নাপায় মান কেদিম! ক’ত আৰিবি!

[ কণচেং যোৱা বাটে যায় গৈ!
[ কাছিতাৰাৰ প্ৰবেশ ]

 কাছি-নোৱাৰিলোঁ! প্ৰতিহিংসা পুৰাব নোৱাৰিলোঁ! ৰেণু! ৰেণু! পাৰ যদি পুৰাবি। পলাবৰ পথ নাই! কেনি যাওঁ! ক’ত লুকাওঁ!

[ প্ৰস্থান ]

[ বেগাই তুৰ্ব্বকৰ প্ৰবেশ ]

 তুৰ্ব্বক—সৰ্বনাশ হ'ল! ক’ত সেনাপতি? কোনো নাই! আগত শত্ৰু! পিছত শত্ৰু! ৰক্ষা নাই! কেনি যাওঁ! কত লুকাওঁ!

 কণচেং—ক’ত তুৰ্ব্বক! কত বঙাল?

 তুৰ্ব্বক—পালেহি! আৰু ৰক্ষা নাই! কি কৰোঁ?—