সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
[৫ম অঙ্ক
নগা কোঁৱৰ

 [ ৰতিমন পৰি যোৱাৰ লগে লগে কণচেঙৰ হাততে পাগুৰি সুলকি ৰৈ যায়, গাৰ কাপোৰ ঘহি পৰে। বৰবৰুৱা চৰে আৰু বিষয়া সকলো সেই সময়তে সোমাই আহে ]

 কণচেং-ইকি! ৰমণী! হা ঈশ্বৰ! শেষত ইও আছিল!

 কিয় এনে কাম কৰিলি হতভাগিনী!

 ৰতিমন—হতভাগিনী নহয়—ভাগ্যৱতী! বৰ সুখ! জীৱনত যি নেপালোঁ—আজি মৰণত সেই পৰশ—চিৰজনমৰ কামনা—হৃদয়ৰ বাঞ্ছিত ধন হাততে পালোঁ—বৰ তৃপ্তি—বৰ সুখ!

 কণচেং—মৰণত তৃপ্তি! কোন তই--

 ৰতিমন—দেৱতা—হে মোৰ নীৰব গোপন আৰাধনাৰ দেৱ প্ৰতিমা—মই আপোনাৰ দাসী—ছুটীয়াৰ মহাৰাজ ধীৰ নাৰায়ণৰ কন্যা ৰেণুকা! দেৱতা মো্ৰ--আৰু শক্তি নাই স্বামী প্ৰভু—চৰ—ণ—্ত—ঠা—ই—-দি

[ মৃত্যু ]

 চুৰেং—ৰেণু! কাৰেঙৰ লিগিৰি ৰেণু—ছুটীয়াৰ ৰাজ কন্যা! ইকি প্ৰহেলিকা!

[ চুৰেং স্বৰ্গদেওৰ ওচৰত বহেগৈ ]

 চুৰেং—পিতা—পিতা—নাই—সকলো শেষ—উস—যদি আৰু এক মুহূৰ্ত্ত আগেয়ে আহিলোঁহেতেন!

 বৰবৰুৱা—স্বৰ্গদেও! যদি এই জয়ৰ বাতৰি শুনি