পৃষ্ঠা:নগা কোঁৱৰ.djvu/২১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১ম দৃশ্য]
২০৭
নগা কোঁৱৰ

 কণচেং—লুকুলুকু—তোক যে মই বৰ ভাল পাওঁ— [ কান্দে ]

 খুণবাও—বাল পাৱ—লুকুক বাল পাৱ—নুউনু—একু নুউলু জাতি ল—যুজি পা।

 কণচেং—কোন সৰগৰ দেবী আহিছিলি লুকু—ক্ষন্তেক নীবলে ফুলি ক্ষন্তেকতে মাৰ গলি। মোক যে চিৰদিন কান্দিবলৈ এৰি থৈ গলি! যদি তোৰ শুনিবৰ শক্তি থাকে এবাৰ শুনি যা—শুনি যা লুকু! মই—তোক বৰ ভাল পাওঁ।

 খুণবাও—ৰকিব নুৱাৰুঁ চেংলুং! জাতি ল! অৰুত পৰা জাতি দৰিব ইকাইছুঁ তুক—আজি দেখি পাওঁ কেনে য়িকিছ। আজি তুৰ বুবু লক যুজি পা—বুব আততে মনি পা!

 [ খুণবাৱে জাঠি ডাঙি লয়। কণচেঙে হাতৰ জাঠি তৰোৱাল দলিয়াই পেলাই—বুকু উদাঙ্গাই খুণবাওৰ জাঠিৰ আগত ঠিয় হয়। ]

 কণচেং—মাৰ বুবু—দে তোৰ জাঠি—মোৰ বুকুত বহুৱাই দে—মোৰ পাপৰ—প্ৰায়শ্চিত্ত হওক।

 [ খুণবাৱে ভাঙিলোৱা জাঠি দলিয়াই পেলাই কণচেঙক সাবট মাৰি ধৰে ]

 খুণবাও—নুৱাৰুঁ! নুৱাৰুঁ! চেংলুং! তই মুৰ লুকু তাকি বেচি। তুক মই লুকু তাকি বেচি বাল পাওঁ!

 নঅয়! নঅয়! লুকু অকল তাকিছে! তই নঅয় চেংলুং —তই নালাকে—মই যাম—