বহিলে, এনে সভাৰ কথা শুনিলে সিহঁতর মঙ্গলেই হব। সিহঁত থাওক।”
পাঠক, পাঠিকা, এই সভা কি জানা নে? সেই মঙ্গলময় কৰুণাময়ৰ উপাসনা। এই সভাত চাৰি কুড়ি বছৰীয়া বুঢ়া আছিল, বহুত ডেকা আছিল, গাভৰু আছিল। এই নীগ্ৰো গোলামবিলাকে এনেকৈ টমৰ কেবিনত ভগবানৰ সৈতে কথা পাতিছিল।
সঙ্গীত, কীৰ্ত্তন ইত্যাদি হোৱাৰ পাছত টমে ঈশ্বৰর চৰণত বহুত কথা জনালে। কি সুন্দৰ ভাব। সৰু লৰাৰ সৰলতা আৰু বুঢ়াৰ গম্ভীৰ্য্যপূৰ্ণ প্ৰাৰ্থনাৰে সকলোৰে মন টমে আৰ্দ্ৰ কৰিলে। টম্ ধৰ্ম্মপৰায়ণ ধৰ্ম্মভীৰু আছিল আৰু টমৰ সকলো আত্মীয়-স্বজন আৰু আন আন গোলাম বন্ধুবিলাকো ধৰ্ম্মপৰায়ণ আছিল। মাষ্টৰ জৰ্জেও এনেবোৰ সভাত যোগ দিছিল। টমৰ গুণৰ নিমিত্তে গোলামৰ ভিতৰৰ বহুতে বেয়া বাট এৰি ভাল বাট লৈছিল। ধন্য টম্।
ইপিনে মিঃ শ্বেলবি আৰু হেলিয়ে কথা-বতৰা পাতি শ্বেলবিৰ ঘৰত আছে। অলপ পৰ পাছত হেলিয়ে কলে, “আমাৰ সকলো ঠিক হ’ল তো।”
“শ্বেলবিয়ে কলে, “হ’ল ” কাগজ পত্ৰৰ বিনিময় হ’ল। হেলি গুছি গ’ল।
শ্বেলবিয়ে অলপ পৰ বহি দুখিত মনেৰে এটা চুৰঠ
খাবলৈ ধৰিলে।