পৃষ্ঠা:দদাইৰ পজা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টম্‌ দদাইৰ পজা।

হেৰিস্ বুলি এটি মিউলাটো (Mulatto) লৰাৰ লগত তেওঁ তাইৰ বিয়া দিয়াইছিল। এই জৰ্জ্জ হেৰিস্ ওচৰৰে এখন “জমিদাৰীৰ” গোলাম। জৰ্জ চোকা আৰু কৰ্ম্মদক্ষ লৰা।

 এই জৰ্জৰ গৰাকীয়ে আকৌ নিজে জৰ্জক নাৰাখি আন এজন মানুহক জৰ্জক গতাই দিছিল। জৰ্জে সেই ঠাইত কাম কৰিছিল আৰু গৰাকীটিয়ে জৰ্জৰ কামৰ মূল্য পাইছিল, এই যেনেকৈ এতিয়া আমি ঘোড়া, গাড়ী, ঘৰ কেৰেয়াত দিওঁ সেই তেনে দৰে। আগেয়েই কৈছোঁ জৰ্জ চোকা লৰা। তাৰ চোকা বুদ্ধিৰ চিনাকী দিছিল এটী নতুন জৰি পকোৱাৰ কল সৃষ্টি কৰি। এই কথা যেতিয়াই জৰ্জৰ গৰাকীয়ে শুনিলে সি বেগাবেগিকৈ সেই ঠাইলৈ গৈ জৰ্জক চাব খুজিলে। তাক দেখিয়েই সেই ঠাইৰ আটাই মানুহৰ আনন্দ হল। বিশেষ যি জনক জৰ্জক গতাই দিয়া হৈছিল তেওঁও আনন্দ প্ৰকাশ কৰি অভ্যৰ্থনা কৰি ক’লে, “মিষ্টৰ হেৰিস্ আপোনাক আমি আটায়ে অভিবাদন কৰোঁ। আপুনি যে এনে এটি ৰতন পাইছে সেই নিমিত্তে আমি আটায়ে সুখী।” সকলোৱেই জৰ্জক ভাল পাইছিল। কিন্তু যেতিয়া এই মানুহ সকলে জৰ্জর গৰাকীৰ আগমনৰ কাৰণ শুনিলে সকলোৱে স্তম্ভিত হল।

 সি ক’লে, “মোক জৰ্জৰ দৰমহা খিনি দিয়া, এতিয়াই দিয়া। মই তাকলৈ যাওঁ।”