পৃষ্ঠা:দদাইৰ পজা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
টম্‌ দদাইৰ পজা।

ভগবানৰ সৈতে কথা কোৱা হৈ গল। ঘৰৰ ফালে কোনোবা অহাৰ শবদ শুনাত আন্ট্ ক্লোই অলপ লাহে লাহে দুৱাৰ মুকলি কৰি চাই দেখে যে, ইলাইজা ভয়ে ভয়ে আহিছে। কোলাত, বুকুৰ মাজত হেৰি।

 “ইলাইজা, তই দেখোন এতিয়া আহিছ?”

 “কিয় আহিছোঁ, আই আজি এতিয়াই শুনিলোঁ দেউতাই সেই পুৱা অহা বেপাৰীটোক মোৰ হেৰিক বেচিছে আৰু তাৰে লগত জানা, আই, আমাৰ টম্ দদাইকো বেচিলে সেই দেখি মই এতিয়াই পলাই যাওঁ।

 সকলোৱে আচৰিত হ’ল। ই কি কথা। সৰু হেৰিক বেচে, টম্ দদাইক বেচে? সৰু হেৰিয়ে কি কৰিছে যে, তাক বেচে? সৰু লৰা। সজ, ধৰ্ম্মপ্ৰিয়, সকলোৰে প্ৰিয় টম্ দদাইয়েই বা কি কৰিছে? সিহঁতৰ দেউতাকে এই দুজনক বেচিব। আচৰিত। এনেবোৰ কথা সকলোৱে আলচিবলৈ ধৰিলে।

 ইলাইজাই কলে, “আই দেউতা, তেওঁলোকৰ দৰে মানুহ নাই। তেওঁলোেক সঁচাসঁচিকৈয়ে দেৱতা। দেউতা দেৱতা, আই দেবী। দেউতাই কাৰবাৰ কৰি বহুতো টকা লোকচান্ দিলে। আৰু তাৰ “হ্যাণ্ডনোট” (Handnote) আজি পুৱাতে অহা বেপাৰীটোৰ হাতত পৰিছে হি। টকা নিদিলে নিৰুপায়। দেউতা আই বিপদত পৰে। বেপাৰীটোৱে কৈছে, হয় টকাখিনি দে নহলে টম্ আৰু হেৰিক বেচ।