পৃষ্ঠা:দদাইৰ পজা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
টম্‌ দদাইৰ পজা।

আন কোনো তিৰুতাই তেনে এটা দীঘল জাঁপ মাৰি এনে ডাঙ্গৰ ব্যৱধান পাৰ হব নোৱাৰিলে হেতেন। ইপাৰৰ সিপাৰৰ মানুহে তবধ মানিলে। এনেকৈ জাপ মাৰি গৈ সিপাৰ পাওঁতে ইলাইজাৰ মুচ্‌কচ্ অৱস্থাত এজন মানুহে পানীৰ পৰা তুলি লৈ গ’ল। সেই মানুহটোক ইলাইজাই চিনি পাই ক’লে “মিঃ স্কীন্স্ ৰক্ষা কৰক। মোক নেৰিব। আপোনাৰো এটি লৰা আছে।”

 “ৰক্ষা কৰিম? তোক ৰক্ষা নকৰিম নে? তোৰ ইমান সাহ। তই শ্বেলবি হঁতৰ লিগিৰী নহঁৱ নে?"

 “হয় ডাঙ্গৰীয়া, ৰক্ষা কৰোক। মোক উদ্ধাৰ কৰক। মোক কৰবাত লুকাই থওক।” “শুন্ য’তে মই এনে সাহৰ মানুহ দেখোঁ, ত’তে মোৰে ভাল লাগে। তই এজনী ছোৱালী। তোক নিশ্চয় সহায় কৰিম। কিন্তু মোৰ নিজৰ কোনো ঠাই নাই। তই সৌ সেই বগা ঘৰটোলৈ যা, তাৰ মানুহবিলাকে তোৰ উপকাৰ কৰিব। একো ভয় নাই, মোৰ আই, তই যা।”

 “আপনি কাকো একো নকয় তো।”

 “তোৰ একো ভয় নাই। মই কাকো নকঁও। আৰু তোৰ দৰে ছোৱালীয়েহে মুক্তি পাব লাগে। সেই ঘৰ ভাল মানুহ।”

 সেই ত্ৰাণকৰ্ত্তাক সেই দেশৰ ৰীতি অনুসাৰে সেৱা কৰি আৰু ধন্যবাদ দি হেৰিক বুকুত লৈ সেই বগা ঘৰটিৰ ফালে ইলাইজাই বেগাই-খোজ ল’লে।