পৃষ্ঠা:দদাইৰ পজা.pdf/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮
টম্ দদাইৰ পজা ।

 হোটেল গৰাকীয়ণীয়ে জুহালত ৰান্ধি আছিল। ইলাইজাৰ মিঠা মাত শুনি ৰন্ধা এৰি ইলাইজাৰ ফালে চালে। কি লাগে, আই, বুলি শোধাত ইলজাই কলে “বি-নগৰলৈ যোৱা নাও নাই নে কি?” গৰাকীয়ণীয়ে কলে, “আজি কালি নাও চলা বন্ধ হৈছে”। ইলাইজাৰ বিবৰ্ণ মুখ দেখি তাই আকৌ শুধিলে, “কি হৈছে, এতিয়া পাৰ হব খুজিছা? কাৰোবাৰ কিৰা টান নৰীয়া হৈছে নে কি? তোমাৰ মুখত ইমান বিয়াকুল ভব কিয়?” ইলাইজাই “মই এই অলপ আগতে শুনিলোঁ যে, মোৰ এটি লৰাৰ বৰ টান নৰীয়া। শুনিয়েই লৰি ধাপৰি আহিছো পাৰ হবলৈ পাৰিম বুলি আই।”

 গৰাকীয়ণী মাক। মাকৰ মন পমি গ'ল। কলে, “সঁচাই মোৰ বৰ দুখ লাগিছে। “এই--স্বলমন” বুলি কাৰবাক মাতিলে। সি সেই অতিথিশালাৰ চাকৰ। “স্বলমন, আজি ৰাতি পিপাবোৰ কোনোবাই কাঢ়িয়াই লৈ যাব নে?”

 “যদি সুবিধা হয় কঢ়িয়াব লাগিবই।

 ইলাইজাৰ ফালে গৰাকিয়ণীয়ে চাই ক’লে, “আজি এটা মানুহে সুবিধা হলে কিবা বস্তু সিপাৰলৈ লৈ যাব। আজি ৰাতি সি ইয়াতে খাবহি তুমি এতিয়া অলপ জিৰুয়া। দেহি ঐ কেনে চিকুণ লৰাটী।” এই বুলি হেৰিক এডোখৰ পিঠা দিলে।

 লৰাটিৰ বৰ ভাগৰ লাগিছিল, সি কান্দিবলৈ ধৰিলে। গৰাকীয়ণীয়ে ওচৰৰে এটি সৰু খোটালী দেখুয়াই কলে, “এই