পৃষ্ঠা:দদাইৰ পজা.pdf/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে


… জৰ্জে ইলাহজাৰ সেতে দেখা কৰিবলৈ আহিল। সেই দিনা ইলাইজা বাৰাণ্ডাত থিয় হৈ বহুতো কথা ভাবিছে, আইয়েক নাই, আইয়েক কৰবালৈ ওলাই গৈছে। বাৰাণ্ডাত থিয় হৈ আছে এনেতে ইলাইজাই কাৰোবাৰ হাত তেওঁৰ গাত অনুভব কৰিলে। চাই দেখিলে জৰ্জ।

 “জৰ্জ, তুমি নে? মই ভয় খাই গৈছিলোঁ। আই ঘৰত নাই। আহাঁ মোৰ খোটালীলৈ আহা। আমি অলপ পৰ দুয়ো কথা পাতোঁ গৈ।”

 এই বুলি বাৰাণ্ডাৰ ওচৰৰে এটি খোটালিলৈ জৰ্জক লৈ গ’ল।

 “জৰ্জ, আজি তোমাক এনে দেখিছোঁ কিয়? তুমি নেহাঁহা, কথা নোকোৱা। আমাৰ হেৰিক নোচোৱা নে এবাৰ। সি কেনে ডাঙ্গৰ দীঘল হৈছে। এবাৰ চোৱাচোন্।”

 “ইলাইজা, ইলাইজা হেৰিৰ পৃথিবীলৈ নহা হলেই ভাল আছিল। আৰু মোৰো জনম নেহোৱা হলেই ভাল হ’ল হেতেন।”

 এই কথা শুনি গিৰীয়েকৰ কান্ধত পৰি ইলাইজাই হুক্ হুক্ কৰি কান্দিবলৈ ধৰিলে।