পৃষ্ঠা:দদাইৰ পজা.pdf/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২
টম্‌ দদাইৰ পজা।

মেৰছাগলীৰ কলা লোমৰ দৰে। গাল দুখন ভৰা। চকু কলা, উজ্জ্বল। এই দুটা লৰাই এটী শিশুৰ প্ৰথম খোজ কঢ়াৰ “তদাৰক” কৰিছিল।

 জুহালৰ ওচৰত এখন মেজ। মেজৰ ওপৰত ধৌ-ধৌৱা বগা চাদৰ। তাৰ ওপৰত পিয়লা পিৰিচ্ আৰু খোৱা বোৱাৰ প্ৰয়োজনীয় আন আন বস্তু। এই মেজৰ ওচৰতে টম্ দদাই বহি ছিলঠত কিবা লেখি আছিল। টমৰ লেখা তেৰ বছৰীয়া, গৰাকীৰ লৰা, মাষ্টৰ জৰ্জে চাই আছিল। মাষ্টৰ জৰ্জে টমক কিবা শিকাইছিল।

 টম্ ডাঙ্গৰ দীঘল। টম্ শক্তিশালী, বলবান। টমৰ বুকু বহল। টমৰ মুখত দয়া, ধৰ্ম্মৰ ছাপ। দেখিলে বুদ্ধিমান আৰু কৰ্ম্মদক্ষ বুলি মনত হৈছিল। টম্ ভদ্ৰ, সৰল। চমুকৈ কবলৈ গলে টমৰ সকলো সজ গুণেই আছিল। টম মিঃ শ্বেলবিৰ সকলোতকৈ ভাল গোলাম।

 আন্ট্ ক্লোই অলপ পৰ থিয় হৈ সকলো ঠিকঠাক কৰি চাই লৰা দুটাক কলে, “মোজ্, পীট তহঁত এতিয়া ওলাই যা, পলি, সোণ, আই মোৰ তইও যা তোক এতিয়াই খাবলৈ দিম, সোণাই মোৰ। মাষ্টৰ জৰ্জ, বাপা, মেজৰ কিতাপবোৰ আঁতৰ কবা। তোমাক আৰু তোমাৰ আংকল টমক (Uncle Ton) এতিয়া খাবলৈ দিও। তোমালোক দুয়ো একে লগে খোৱা। এতিয়াই মই তোমাক স্বসেজ্ (Sausage) আৰু ভাল ভাল পিঠা আনি দিওঁ।”