পৃষ্ঠা:দদাইৰ পজা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
টম্‌ দদাইৰ পজা।

পৰা তাই খোজ ল’লে। হেৰিয়ে খোজ কাঢ়িব পাৰে। কিন্তু হেৰিয়ে খোজ কাঢ়ি গ’লে যদি বা কোনোবাই তাক লৈ যায়। সেই দেখি হেৰিক বুকুৰ মাজত সাবট মাৰি বেগ দি খোজ কাঢ়িবলৈ ধৰিলে।

 ইমান দিনৰ চিনাকী এই ঠাইখন এৰি যাবলৈ যে ইলাইজাৰ কি কষ্ট হৈছিল! ইলাইজা ক’লৈ যায়? তাই মিসেস্ শ্বেলবিৰ লগত ওহাইও নৈৰ কাষৰ টি-গাঁৱলৈ কেবাবাৰো গৈছিল। এই টি-গাঁৱৰ ফালেই তাই খোজ ল’লে। তাৰ পাছত পৰমপিতা পৰমেশ্বৰে যি কৰে। বেলি মাৰ যাবৰ এঘণ্টামান আগৈয়ে সেই গাঁওখন পালেগৈ। তাইৰ ভৰিত ঘা, গাত বিষ, শৰীৰ আৰু মনত ভাগৰ। কিন্তু মনৰ বল যোৱা নাই। ভগবানৰ ওপৰত নিৰ্ভৰ কৰি তাই গৈছিল নহয়।

 বসন্তকাল আৰম্ভ হৈছেহে মাথোন। এতিয়াও জাৰ। নৈখন বৰফেৰে ভৰা। বৰফ এতিয়াও পমি যোৱা নাই। কোনো কোনো ঠাইত পানীৰ ওপৰত বৰফ ওপঙ্গি হেন্দোলদোপ খাইছে। সৌভাগ্যবশতঃ ঠাইয়ে ঠাইয়ে কম বৰফৰ টুকুৰাৰে এখন সৰু সুৰা ওপঙ্গা দলংৰ দৰেও হৈছে। পাৰ কৰা নাও সেই নৈত চলা এতিয়া কোনো মতে সম্ভৱ নহয়। কেনেকৈ পাৰ হয়? ইলাইজাই তাকে ভাবি অলপ পৰ তাত থিয় হৈ নৈৰ পিনে চাই থাকিল। চাই থাকিলে তো নহয়। সেই দেখি ইলাইজা নৈৰ কাষৰে এটি সৰু হোটেললৈ গৈ পাৰ হবৰ বা-বাতৰি লবলৈ গ'ল।