পৃষ্ঠা:দদাইৰ পজা.pdf/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
টম্‌ দদাইৰ পজা।

তাইৰ সুন্দৰ মুখখানি মাচিয়াত থৈ হুক্ হুক্ কৰি কান্দিবলৈ ধৰিলে।

 “কি কয় এই জনীয়ে? তই নেজাননে, তোৰ দেউতাৰে দখিণীয়া বেপাৰীবিলাকৰ লগত কেতিয়াও কাৰবাৰ নকৰে? বেচিব! কিয় বেচিব?”

 “আই, ঔ আই, যদি দেউতাই মে’ৰ হেৰিক বেচিব খোজে আপুনি বেচিৰ নিদিব দেই।”

 “তই কি কৱ, ও। তোৰ হৰিক বেচা যেনে, মোৰ পেটৰ ল’ৰা-ছোৱালীক বেচাও তেনে জানিবি ইলাইজা।”

 আইয়েকৰ এই কথা শুনি ইলাইজৰ মন সুস্থিৰ হ’ল। ইলাইজাই আইয়েকক ভক্তি কৰিছিল। ইলাইজাই জানিছিল যে, তাইৰ দেউতাক আৰু আইয়েকে তেওঁলোকৰ গোলামবোৰক মৰম কৰিছিল। আইয়েকৰ কথা শুনি তেতিয়াই তাই নিজৰ কাম আগৰ দাৰ কৰিবলৈ ধৰিলে।

 মিসেস্ শ্বেলবিয়ে গিৰীয়েকক মৰমীয়াল ধৰ্ম্মভীৰু বুলি জানিহে এনে কথা কৈছিল। তেওঁ নেজানিছিল যে, মিঃ শেলবিৰ আৰ্থিক অৱস্থা সেইখিনি সময়ত আগৰ দৰে নাছিল। মৰমীয়াল মিসেস্ শ্বেলবিয়ে কাপোৰ কানি পিন্ধি সামাজিক ৰীতি অনুসাৰে বন্ধুবৰ্গৰ সৈতে দেখা কৰিবলৈ ওলাল।




 ইলাইজাক সৰুৰে পৰা আইয়েক মৰম কৰিছিল। ইলাইজা আইয়েকৰ নিজৰ সম্পত্তি। সেই দেখি জৰ্জ