পৃষ্ঠা:দদাইৰ পজা.pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
টম্‌ দদাইৰ পজা।

কাৰখানাৰ কাম গ’ল। আৰু তোমাৰ গৰাকীজন অতি বেয়া মানুহ। কিন্তু ধীৰ হোৱা জৰ্জ। ধৈৰ্য্য ধৰা।”

 “ধৈৰ্য্য! মই ধৈৰ্য্য ধৰা নাই নে? সি যেতিয়া মোক কাৰখানাৰ পৰা লৈ আহিল, মই কিবা কৈছিলোঁ নে? কিয় মোক সি লৈ আহিল? কাৰখানাত মোক সকলোৱেই ভাল পাইছিল। সেই দেখিয়েই নে? আৰু এতিয়া, এতিয়া সি মোক যে কি কাম কৰিবলৈ দিয়ে, ইলাইজা, মই তোমাক সেই বোৰ কথা নকঁওঁ। কিমান যে খটায়। আৰু মই ভালকৈ কাম কৰা দেখিলে সি আৰু সৰহ কাম কৰিবলৈ দিয়ে। ইলাইজা, মোৰ অসহ্য হৈছে। মই আৰু নোৱাৰোঁ। নোৱাৰোঁ কি মই আৰু একো কামকে নকৰোঁ।”

 দেহি ইলাইজ। গিৰীয়েকৰ এই কথা শুনি তাই কঁপিবলৈ ধৰিলে। জৰ্জে এনেকৈ আগৈয়ে তো কথা কোৱা নাছিল। ইয়াৰ মানে কি?

 “ইলাইজা, মই আৰু নোৱাৰা হলোঁ। যাওঁ গুড্ বাই, বিদায় দিয়া, ইলাইজা, মই যাওঁ।”

 “যাবা, ক’লৈ যাবা জৰ্জ?”

 “কলৈ যাম? কেনেডালৈ। তালৈ গৈ, ইলাইজা, মোৰ উন্নতি কৰি তোমাক আৰু পোনাকণক কিনি লম ইলাইজা। মই সেই কামৰ নিমিত্তে অলপ ঠিকঠাকো কৰিছোঁ। মই পলাই যাম। ভগবানে আকৌ আমাক লগ লগাব ইলাইজা। গুড্ বাই।”