পৃষ্ঠা:দদাইৰ পজা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টম্‌ দদাইৰ পজা।

 কাৰখানাৰ গৰাকীয়ে কলে, “মিঃ হেৰিস্ একো বা বাতৰি নাই, কথা বতৰা নাই, এনেকৈ তাক কিয় লৈ যায়?

 “বা বাতৰি? সি মোৰ নিজৰ সম্পত্তি নহয় নে? সেই মানুহটো মোৰ নহয় জানোঁ? মোৰ মানুহ। মোৰ বস্তু। মোৰ যেতিয়াই ইচ্ছা তাক কেৰেয়াত দিম আৰু যেতিয়াই মন যায় তাক লৈ যাম। ইয়াত কি কথা আছে?”

 “আমি তাৰ দৰমহা অৰু বঢ়াই দিম। বহুত টকা আপুনি পাব। তাক ইয়াতে থাকিবলৈ দিয়ক”

 সেই কথাত সম্মত নহৈ জৰ্জক হেৰিসে লৈ গ’ল। আৰু লৈ গৈ তল খাপৰ অতি হীন কামত লগাই দিলে।

 এই কাৰখানাত কাম কৰাৰ সময়তে জৰ্জে মিসেস্ শ্বেলবিৰ মৰমৰ লিগিৰি ইলাইজাক বিয়া কৰায়। মিসেস্ শ্বেলবিৰ উল্লাস দেখে কোনে? মৰমৰ লিগিৰিৰ বিয়া। তেওঁ দেখিলে জৰ্জ ভাল লৰা আৰু ইলাইজাও ভাল ছোৱালী। কোন তিৰুতাই বিয়াত ৰং নেপায়?

 কাৰখানাত কাম কৰোঁতে জৰ্জে ভাল কিতাপ পঢ়িছিল। আৰু সকলো ঠাইলৈকে (গোলাম হলেও) যাব পাৰিছিল। আমেৰিকাৰ গোলামৰ বিষয়ে মোৰ আসামৰ মানুহে বোধ কৰোঁ ভালকৈ নেজানে। এনে অধিকাৰ সকলো গোলামৰ ভাগ্যত নঘটে।

 কিন্তু এতিয়া? এতিয়া জৰ্জৰ সকলো এন্ধাৰ। কলৈকো