পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


“নোপোৱা মৰ্ত্ত্যত আৰু প্ৰিয়সীক॥
“বৈকুণ্ঠ-ঈশ্বৰী জগতৰ আই,
“তেওঁৰ আজ্ঞাত ল’লোহি ৰাণীক,
“নাকান্দিবা, ৰজা! নকৰিবা দুখ,
“নোপোৱা ইয়াত আৰু প্ৰিয়সীক॥”
ধীৰে দেৱকণ্যা ৰ’ল মনে মনে,
ৰথ খনি গই উঠিলে বহুত,
বিষাদ মনেৰে চাই আছে গদা
শোকে তাপে টুকি চকুলো চকুত॥
ৰাণীয়েও, হায়! স্বোৱামীক এৰি
কান্দিব’ ধৰিলে বিষাদ মনত;
কয় দেৱকণ্যা, “কিয় কান্দা, সতি?
“কিয়নো চকুলো টুকিছা শোকত?
“মহা পাপে ভৰা দুখ সংসাৰ
“তিয়াগি আহিলা, কান্দা, সতি! কিয়?
“ৰ’বাছো অলপ, পাবা অলপতে
“স্বৰ্গ সুখ ময়, সুখ স্বৰগীয়॥