পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তিয়াগি আশেষ যাতনাৰ ঠাই,
দেৱী মূৰ্ত্তি ধৰি গইছে স্বৰ্গত
দুৰ্ভগীয়া গদা একো জনা নাই॥
নাই জনা গদা এতিয়াও একো,
কুঁৱৰী যে আজি-শত্ৰুৰ হাতত
অশেষ যাতনা ভুঞ্জি অৱশেষে
বিৰাজিছে আজি স্বৰ্গৰ মাজত॥
নাই জনা গদা এতিয়াও একো
মাথোঁ দুখে শোকে কৰিছে ক্ৰন্দন,
কান্দি কান্দি হায়! দুখ বেজাৰত
অৱশেষে তাতে কৰি শয়ন॥
আহিলে গদাৰ চকুত টোপনি,
লাহে লাহে হ’ল টোপনি মগন,
টোপনিতে গদা গছৰ তলত
দেখা পালে এটি অপুৰ্ব্ব সপন॥


দেখা পালে, যেন সেই দৰে ৰাণী”