পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


“মনোহৰ গীত গায় ফুলনী ভৰাই॥
“নাকান্দিবা, সতি! তুমি নকৰিবা শোক,
“প্ৰভুৰ চৰণ পালে যাব শোক দুখ॥
“সমৰপি দিবা প্ৰাণ প্ৰভুৰ পাৱত,
“নোপোৱা কধিও আৰু সন্তাপ মনত॥”


   এই বুলি ৰথ খেদিলে বেগাই,
পালে গই ৰথ স্বৰ্গৰ দুৱাৰ,
আপুনি লক্ষীয়ে আহিলে ওলাই
মুছিলে ৰাণীৰ চকুলো দুধাৰ॥


   সাদৰি লক্ষ্মীয়ে চাই বুলিলে ৰাণীক
“সংসাৰত ভুঞ্জি বহু বাতনা কেলেশ
“আহিছা স্বৰ্গত, আই! নকৰিবা শোক,
“সুখৰ স্বৰগ এই সুখ ময় দেশ॥
“আঁহা আই! সুখে থাকা স্বৰ্গৰ মাজত
“সাবিত্ৰী জানকী, শৈব্যা সতীৰ কাষত,