পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


“এয়া পিন্ধা সতি! দেৱ সাজ পাৰ,”
কুঁৱৰীক দিলে সাজ উলিয়াই॥
“আপুমি লক্ষীয়ে” ক’লে আন এটি,
“দিছে বাছি বাছি এয়া অলঙ্কাৰ
“পিন্ধা খাৰু মণি থুৰিয়া কাণত,
“দেৱৰ গহনা বস্তু দেৱতাৰ।”
ধীৰে ধীৰে উঠি পিন্ধিলে কুঁৱৰী
ৰঙ্গে সাজপাৰ অলঙ্কাৰ লই
এটা দেৰকক্সায় বান্ধিলে ৰাণীৰ
ইন্দ্ৰৰ থোপাটী মনোহৰ কষ্ট॥
“পোলোম জীয়াৰী” ক’লে এজনাই,
“বাসবৰ প্ৰিয়া অতি সাদৰত
“দিছে পঠিয়াই পাৰিজাত পাহি,
“পিন্ধা এয়া সতি! সাদৰে মূৰত॥”
ধীৰে ধীৰে উঠি পিন্ধিলে কুঁৱৰী
ৰঙ্গে অলঙ্কাৰ সাজ-পাৰ লই।
এটী দেৱকন্যায় বান্ধিলে ৰাণীৰ