পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


মিনতি কৰিছো অত তথাপি তোমাৰ,
মোলই অলপোনেকি কৰুণা নহয়?
স্বৰ্গীয় কৰুণা, দেবি! হিয়াত তোমাৰ,
বিৰাজ কৰিছে তাত অমৃতৰ ধাৰ;
অনন্ত তোমাৰ দয়া অনন্ত কৰুণা,
দয়া কৰি, দেবি! মোৰ পূৰোৱা কামনা।
তোমাৰ প্ৰসাদে, দেবি! কতনো কবিয়ে
স্বৰ্গৰ দেৱতা আানি ৰাখে জগতত,
মৰ্ত্ত্যৰ মানৱ লই তোমাৰ কৃপাত
আনন্দ মনেৰে থয় স্বৰ্গৰ মাজত॥
দয়াকৰা যদি তুমি, নাই এনে কাম
নোৱাৰে কবিয়ে যাক সমাধা কৰিব;
নাই ছবি এনেকুৱা ক’তো ত্ৰিলোকত
কবিৰ তুলীয়ে যাক নোৱাৰে আঁকিব॥
আহাঁ দেবি! যাওঁ আজি নামচাৰ ফালে,
আছে জানো তাতে গদা প্ৰাণৰ ভয়ত,
অকাল মৃত্যুৰ কথা সতী তিৰুতাৰ