পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


   “কিয় কান্দা, সতি! তুমি আহিছা স্বৰ্গত?
“সংসাৰৰ অত্যাচাৰ নাইকিয়া য’ত;
“য’ত নাই শোক তাপ, প্ৰাণৰ বেদনা,
“য’ত নাই বিষময় পাৰ্থিব লাঞ্ছনা॥
“কিয় কান্দা, সতি?⸻⸻
“নাই তাত ভিন পৰ সকলো সমান,
“নাই তাত শক্ৰ মিত্ৰ, অপূৰ্ব বিধান;
“মাই তাত দ্বন্দ-হাই (বিহ হলাহল)
“নাই তাত কুলক্ষণ, ঘোৰ অমঙ্গল॥
“সিদেশত নাই মাটি, ফুলময় ঠাই,
“অমৃতৰ নই বলে পানী তাত নাই
“নাই তাত দিন ৰাতি, নাই অন্ধকাৰ,
“সদাই পোহৰ তাত স্বৰ্গীয় বিভাৰ।
“লাখে লাখে ফুলে তাত পাৰিজাত ফুল,
“গাঁথে মালা দেৱকন্যা গাঁথন অতুল॥
“কোকিলীৰ সুৰে স’তে সুৰটী মিলাই,