ডেচ্দিমোনা কাব্য/ডেচ্দিমোনা
⸻●⸻ Of one that lov'd, not wisely, but too well; |
ব্ৰেবান্তিৰ (১) কন্যা তুমি,জন্ম ভেনিচত, |
(১) Brabantioৰ। এওঁ ডেচ্দিমোনাৰ (Desdemona)
বাপেক।
(২) Othelloত। এওঁ ডেচ্দিমোনাৰ স্বামী।
(৩) Moor বুলি এজাতি মানুহ। এই জাতিৰ মানুহবিলাক
বৰ ক’লা আৰু কদাকাৰ। ওথেলোও এই মুৰ জাতীয়ই।
(8) ডেচ্দিমোনাই বহুত ৰূপবান গুনবান আৰু ঐশ্বৰ্য্যশালী
ৰজা বিলাককো প্ৰত্যাখান কৰি, কৃষ্ণকায় মুৰ ওথেলোত প্ৰাণমন
সমৰ্পন কৰিছিল। প্ৰেমৰ ইতিহাসত ডেচ্দিমোনাৰ জগতত চিৰস্মৰনীয়া।
সেই প্ৰেম ওথেলোৰ এক কথাতেই প্ৰকাশ পাইছে:- She loved
কিন্তু, হায়! কান্দে প্ৰাণ! কপাল-দোষত
দুষ্ট ইয়াগোৱে (৫) পাছে, বিপদ ঘটালে॥
অন্তৰ কুভাবে ভৰা দুষ্ট ইয়াগোৰ
ইয়াগো নীচ প্ৰকৃতি, পাপীষ্ঠ দোৰ্ঘোৰ॥
( ২ )
কত ষড়যন্ত্ৰ কৰি, কান্দি উঠে প্ৰাণ!
কেচিওৰে স’তে (৬), সতি! দিলে অপবাদ
দুষ্টমতি ইয়াগোৱে, সন্দেহ জন্মাই
ওথেলোৰ অন্তৰত, ঘটালে প্ৰমাদ!
সতীত্বত কৰি, সতি! বিষম সন্দেহ
উন্মাদৰ দৰে হ’ল স্বোৱামী তোমাৰ
বিষাদ ডাৱৰে আহি বেলি ওথেলোৰ
ঢাকিলে হঠাত, হায়! কৰি অন্ধকাৰ॥
কত যে হেপাহ কৰি হৃদয়-ক্ষেত্ৰত
যি লাহৰী আশালতা ৰূলে ওথেলোই
(৫) Iago–এওঁ এজন সৈনিক; এওঁ বৰ কুপ্ৰকৃতিৰ মানুহ
আছিল।
(৬) Cassio এওঁ এজন সৈনিক। ইয়াগোৱে মিছা ষড়যন্ত্ৰ কৰি
এওঁৰে সৈতেই ডেচ্দিমোনাৱ অপবাদ দিয়ে। ওথেলোৰ মনত বিষম
বিষম সন্দেহৰূপী কালমূৰ্ত্তি ৰ’দে
সেই লতা অকালত পেলালে শুকাই!!
সন্দেহৰ সাগৰত ভাহিলে ওথেলো,—
উন্মাদ ওথেলো আজি শান্তি হেৰুৱাই!!
( ৩ )
কান্দি উঠে প্ৰাণ, সতি! নচলে লেখনী,
কঁপি কঁপি উঠে হিয়া পৰিলে মনত,
গভীৰ দুপৰ নিশা, কি মনত ভাবি,
আহিল ওথেলো যৱে তোমাৰ কাষত॥
উন্মাদৰ দৰে, হায়! ( টোপনি তোমাৰ )
তোমাৰ মু-খনি চাই মনপ্ৰাণ হৰা
বুলিলে ওথেলো,—“জানো, এয়েই কাৰণ।
“চাই যোৱাঁ আহি, হেৰা আকাশৰ তৰা।”
পুনু মনে ভাবি কিবা, বুলিলে আকউ,
তোমাক নকৰোঁ আজি হত্যা প্ৰাণপ্ৰিয়া!
ঢোপাকলি ফুলপাহি নউ ফুলোতেই
কিসঁতেৰে কৰোঁ নাশ? বিদৰিছে হিয়া!!”
ই বুলি হাতৰ পৰা দিলে দলিয়াই
তৰোৱাল খনি, সতি! কাঢ়ি হমুনীয়া!!
( ৪ )
পুনু কিবা ভাবি মনে, ললে তৰোৱাল
আপোন হাতত তুলি স্বামীয়ে তোমাৰ!
দীঘল দুখৰ এটি হুমুনীয়া কাঢ়ি
উলিয়ালে দুচকুত চকুলো দুধাৰ॥
ঘোৰ টোপনিত তুমি! চাই তোমালই
বুলিব’ ধৰিলে শোকে, “ওথেলোৰ প্ৰাণ!
“বিশ্বাস ঘাতিনী কিয় হ’লা এনেকুৱা?
আৰু হ’বা অবিশ্বাসী থাকিলে পৰাণ!!
শুনা, জ্বলিথকা চাকি শোৱানী কোঠাৰ!—
তোমাক নুমাওঁ যদি, পুনু ইচ্ছা হ’লে,—
জ্বলাব পাৰিম; কিন্তু জীৱনৰ চাকি
নুমালে প্ৰিয়ার হায়! আকউ নজ্বলে!!
'চিঙ্গিলে গোলাপপাহি লেৰেলি শুকাব,
গছত থকাৰ দৰে আৰু নোগোন্ধাব॥ ”
( ৫ )
আপোনাৰ মুখখনি ধীৰেৰে চপাই
আনিলে ওথেলো, ডেচি! (৭) লাহৰী গালত
(৭) ডেচ্দিমোনাক সম্বোধনত ‘ডেচি” বোলা হৈছে।
তোমাৰ, পৰাণভৰি খালে এটি চুমা
জীৱনৰ শেষ , কত হেপাহত॥
আৰু এটি খালে, ডেচি! বুলিব’ ধৰিলে
উন্মাদৰ দৰে চাই তোমাৰ মুখনি,-
আৰু এটি, প্ৰাণপ্ৰিয়া! ওথেলোৰ প্ৰাণ!
আৰু দিয়া এটি চুমা হিয়া জুৰনী॥
ডেচ্দিমোনা! প্ৰাণপ্ৰিয়া! — ওথেলো পিশাচ!
শিলেৰে বন্ধাই হিয়া আজি অকালত
বধিম তোমাৰ প্ৰাণ! থাকিবানে প্ৰিয়ে!
ই মোহিনী মুৰ্ত্তি লই মৃত্যুৰো পাছত?
তোমাৰ মৃত্যুত, প্ৰিয়ে! কান্দিম বীনাই!
দিয়াঁ খাওঁ চুমা এটি হেপাহ পূৰাই॥
( ৬ )
মোহ মায়া ভালপোৱা স্নেহ সংসাৰৰ
কৰ্ত্তব্য পথত যেন জেউ বগৰিৰ!
মুহুৰ্ত্তৰ পাছে যাৰ প্ৰাণৰূপী পখী
এৰি যাব দেহ-সজা নশ্বৰ শৰীৰ॥
কি আশ্চৰ্য্য লীলা, হায়! বুজিব নোৱাৰোঁ,
তালই ওপজে মায়া? তালই মৰম?
প্রণয়ৰ মোহ তাত? তাত ভাল পোৱা?
কিয় জন্মে? কিয় হয় নুবুজোঁ কাৰণ॥”
এই বুলি পুনু, সতি! স্বামীয়ে তোমাৰ
কি ভাব মনত লই, আকউ হাতত
ল’লে তৰোৱাল তুলি, কাঢ়ি হুমুনীয়া
হিয়া বিদাৰক এটি ঘোৰ বিষাদত!!
টোপাটোপে চকুপানী ওলালে চকুৰ
কান্দিলে ওথেলো, হায়! দাৰুণ শোকত॥
( ৭ )
কি ভাব মনত, হায়! পুনু উপজিলে,
আকউ তোমাক চাই বুলিব’ ধৰিলে,
“আছিল এদিন, ডেচি! মোৰ জীৱনত
বাজিছিল এই মূৰ্ত্তি হিয়াৰ মাজত
কি ঘৰত কি পৰত জাগন্ত নিদ্ৰাত
খাওঁতে শোওঁতে, প্রিয়া! প্রতিমা তোমাৰ
সতত সঙ্গিনী মোৰ,—পৰাণৰ সখী
হৃদয়ৰ অধীশ্বৰী শান্তিৰ আধার॥
কিন্তু প্রিয়ে! কি কাৰণে জ্বলালা অগনি
ওথেলোৰ হৃদয়ত? কিয়নো ঘঁহিলা
কলঙ্কৰ মহি, প্রিয়ে! নিৰ্ম্মল মুখত?
পবিত্র বংশত কিয় কলঙ্ক আনিলা?
হে ঈশ্বৰ! কৃপা কৰি কৰাঁ দৈববাণী
ডেচ্ দিমোনা পতিব্ৰতা সতীত্বৰ খনি॥”
( ৮ )
ধীৰে ধীৰে সাৰ পাই, উঠিলা, সুন্দৰী!
চকুমেলি চাই, তুমি স্বামীক দেখিলা
(ডেচীৰ প্ৰাণৰ প্ৰাণ হৃদয়-দেবতা)
বিষাদিত দেখি মুখ, সাদৰে শুধিলা
“কিয় আজি বিষাদিত দেখো, প্ৰাণনাথ?
বিমৰ্ষ তোমাক দেখি, কান্দিছে হৃদয়!”
শুধিলে ওথেলো ধীৰে, “সুমৰানে, প্রিয়ে!
ইষ্ট দেৱতাক নিতে শুবৰ সময়?”
বুলিলা সুন্দৰি! তুমি, “যাৰ প্ৰসাদত
তোমাহেন সৰ্ব্বগুণী পালে স্বামীধন,
সেই পিতা ইষ্টগুৰু জগত পতিক
নিতউ ডেচীয়ে কৰে ভক্তিৰে স্মৰণ॥
সকলোৰে পিতা তেওঁ সৰ্বশক্তিমান,
তেওঁক নিতউ কৰোঁ ভক্তিৰে প্রণাম॥”
( ৯ )
বুলিলে ওথেলো, সতি! “পৰাণৰ ডেচি!
জীৱনত যদি তুমি জ্ঞান অজ্ঞানত
কৰি থাকা কিবা পাপ, সিটোৰ নিমিত্তে
অনুতাপ কৰাঁ, প্ৰিয়ে! প্ৰভুৰ কাষত॥
সেই পিতা পূৰ্ণব্ৰহ্ম ঈশ্বৰৰ ঠাঁই
ক্ষমা মাগা, প্ৰিয়ে! তুমি অতীত পাপৰ
অন্তিমত কৰাঁ ধ্যান হিয়াৰ মাজত
ভকতি মনেৰে স’তে নাম ঈশ্বৰৰ।”
স্বোৱামীৰ কথা শুনি, বুজিব নোৱাৰি,
বুলিলা, সুন্দৰি! তুমি “চিৰ জীৱনত
আাহিছোঁ সুমৰি, নাথ! নাম ঈশ্বৰৰ,
বুজা নাই কিন্তু আজি কোৱা কি ভাবত॥
নতুন নহয়, নাথ! ঈশ্বৰৰ নাম,
নিতউ তেঁওক কৰোঁ অস্তৰত ধ্যান॥”
( ১০ )
“পৰাণৰ ভেচি! মোৰ ওথেলোৰ প্ৰাণ।
পাপৰ নিমিত্তে ক্ষমা মাগা ঈশ্বৰক;
অঙ্গীকাৰ কৰি কওঁ, নবধোঁ কধিও
মৃত্যুৰ নিমিত্তে সাজু নোহোৱা জনক॥
কিন্তু তুমি লোৱাঁ সই অতীত পাপৰ
অনুতাপ কৰাঁ আজি সি পাপ সুমৰি,
সাক্ষী আছে চন্দ্ৰ তৰা, নবধোঁ তোমাক।”
ই দরে তোমাক কলে স্বামীয়ে, সুন্দৰি!
আশঙ্কিত হই, ডেচি! বুলিলা স্বামীক
“কইছা হত্যাৰ কথা নেকি, নাথ! তুমি?”
“হয়, প্রিয়ে! তাকে কওঁ” বুলিলে ওথেলো।
কঁপিলে তোমাৰ প্ৰাণ সেই কথা শুনি।
কঁপি কঁপি কলা “নাথ! অগতিৰ গতি
ৰাখোক ডেচীক প্ৰভু জগতৰ পতি॥”
( ১১ )
“ময়ো তাকে কওঁ, প্রিয়ে!” বুলিলে ওথেলো,
অন্তৰে সইতে কওঁ, ৰাখোক ঈশ্বৰে।”
তেন্তে, নাথ! তুমি হত্যা নকৰাঁ ডেচীক
অকালত আজি?” তুমি বুলিলা সাদৰে॥
ওথেলো “কৰা তুমি অনুতাপ অতীত পাপৰ
সি পাপৰ ক্ষমা মাগা প্রভুৰ কাষত;
নতুবা, নিশ্চয় আজি বধিম তোমাক
সঁচা কথা ক’লো, প্ৰিয়ে! তোমাৰ আগত॥”
ডেচ্দিমোনা “স্ত্ৰীবধ কৰিব খোজা কি কাৰণে তুমি?
কোনে দিলে এনেকুৱা প্ৰবৃত্তি, হে নাথ?
বিশ্বাসঘাতিনী মই নহও তোমাৰ,
দ্বিচাৰিণী পত্নী মোক নাভাবা হঠাত॥
ডেচীৰ স্বোৱামী তুমি, তুমি ডেচী-প্ৰাণ,
খাওঁতে শোওঁতে মোৰ তুমিয়েই ধ্যান॥
( ১২ )
ওথেলো “পৰাণৰ ডেচি! তুমি আছিলা এদিন
স্বৰগৰ দেবী, কিন্তু আজি ৰাক্ষসিনী!
চোৱাঁ আপনাৰ হিয়া, কলঙ্কৰ ৰেখা
আপুনি আঁকিলা তুমি, হই কলঙ্কিনী।”
“হিয়াৰ মাজত মোৰ” বুলিলা, সুন্দৰি!
কলঙ্ক-ৰেখাৰ চিন ক’তো, নাথ! নাই,
আছে মাথোঁ এটি মুৰ্ত্তি, সি মূৰ্ত্তি তোমাৰ
ডেচীয়ে মনত যাক নিতউ ধিয়াঁই॥”
“সি পাপতে, তেন্তে, প্ৰিয়ে! মৰণ তোমাৰ”
“বুলিলে ওথেলো ধীৰে। বুলিলা, সুন্দৰি!
মৰণৰ ভয়, নাথ! নকৰে ডেচীয়ে;
“কিন্তু, নাথ! কোৱাঁ মোক আজি কৃপা কৰি,
“সন্দেহ কিয়নো কৰা মোৰ চৰিত্ৰত?
“ভাঙ্গি কোৱা মোক, নাথ, ধৰিছোঁ পাৱত॥”
( ১৩ )
ওথেলো “প্ৰণয়ৰ উপহাৰ, ভালপোৱা-চিন
“দিছিলো তোমাক, প্ৰিয়ে ৰুমাল পাটৰ;
“সি ৰুমাল খনি তুমি দিলা কেচিওক
“গোপনীয় ভাৱে চিন গুপ্ত প্ৰণয়ৰ॥”
“স্বোৱামীৰ কথা শুনি হলা আশ্চৰিত,
“কান্দি কান্দি ক’লা, ডেচি! “নহওঁ নিশ্চয়
“বিশ্বাসঘাতিনী মই তিৰুতা তোমাৰ,
“পবিত্ৰ কেচিও, নাথ! কলঙ্কী নহয়।
“কেচিওৰে মোৰে প্ৰেম ভাই-ভনী-প্ৰেম,
“সি প্ৰেমত পাপ-ভাব লেশো, নাথ! নাই
“নাই দিয়া কেচিওক প্ৰেম-উপহাৰ,
“ৰুমাল পাইছে জানো বাটত হেৰাই॥
“মিছা কলঙ্কৰ মাথোঁ এই অপবাদ;
“কেচিও পবিত্ৰ, নাথ! নিৰ্ম্মল স্বভাব।”
(১৪)
তোমাৰ মুখত শুনি এনুৱা বচন।
বাঢ়িলে সন্দেহ আৰু সন্দিগ্ধ প্ৰাণত
ওথেলোৰ; ক্ৰোধমনে ল’লে তৰোৱাল
কাটিবৰ মনে তুলি আপোন হাতত॥
কম্পিত অন্তৰে তুমি বুলিব' ধৰিলা,
চকুপানী টুকি, ধৰি স্বামীৰ পাৱত,
“নাকাটিবা আজি, নাথ! যদি ইচ্ছা থাকে,
কাটা মাৰা যেই কৰা, কৰিবা দিনত॥
নকৰোঁ মৃত্যুৰ ভয়, ভাগ্যবতী বুলি
ভাবিম নিজকে, নাথ! তোমাৰ হাতত
প্ৰাণ যদি যায় মোৰ, যদি মৃত্যু হয়
তোমাৰ মুখনি দেখি অন্তিম কালত॥
স্বোৱামী পৰম গুৰু তিৰী জনমৰ,
গুৰুৰ হাতত মৃত্যু ফল সৌভাগ্যৰ॥”
১৫)
“সেয়ে যদি হয়, ডেচি! এই মুহুৰ্ততে
কিহেতু নোহোৱা সাজু মৃত্যুৰ কাৰণে?
মৰণৰ ভয় কিয় কৰিছা মনত?
“কিয় কঁপা? কিয় কান্দা সঘনে সঘনে?”
দুখেৰে বুলিলা তুমি, “ডেচীৰপৰাণ!”
“এয়ে মাথোঁ মনস্তাপ—এয়ে মাথোঁ ভয়
“বিষম সন্দেহ ৰ’ল মনত তোমাৰ
“ই চিন্তাত মাথোঁ মোৰ দহিছে হৃদয়॥
“ক্ষান্ত হোৱা আজি, নাথ! ৰাতিটো পুৱাঁলে
“সন্দেহ তোমাৰ মই গুছাম মনৰ—
“কাটা মাৰা যেই কৰা, কৰিবা তেতিয়া
“এয়েই প্ৰাৰ্থনা মোৰ শেষ জীৱনৰ॥
“বিশ্বাসঘাতিনী মই নহওঁ তোমাৰ,
“পুৱাঁ হ’লে, দিম, নাথ! প্ৰমাণ ইয়াৰ॥”
(১৬)
ওথেলো “সাজু হোৱা, প্ৰিয়ে! তুমি মৃত্যুৰ নিমিত্তে
“প্ৰমাণত আৰু মোৰ নাই প্ৰয়োজন!
“খন্তেক অপেক্ষা কৰা তেন্তে, প্ৰাণনাথ!”
বুলিলা সুন্দৰি! শুনি স্বামীৰ বচন॥
“যি পাপিনী কলঙ্কিনী” বুলিলে ওথেলো
“জ্বলালে অগনি মোৰ হিয়াৰ মাজত,
“খন্তেকো থাকিব দিয়া সেই পাপীষ্ঠাক
“উচিত নহয় আৰু এই জগতত॥
* * * *
“ডেচ্দিমোনা! প্ৰাণপ্ৰিয়া! ওথেলোৰ প্ৰাণ!!
“লোৱাঁ, প্ৰিয়ে! কৰাঁ এয়া সাদৰে গ্ৰহণ
‘সংসাৰৰ ভালপোৱা, স্বামীৰ মৰম,
“জীৱনৰ প্ৰতিদান! প্ৰেম পৰিণাম॥”
এই বুলি কৈয়ে, সতি! হিয়াত তোমাৰ
তৰোৱালে স’তে ঘাপ মাৰিলে দুবাৰ॥
(১৭)
কান্দি উঠে প্ৰাণ, ডেচি! হিয়া ফাটি যায়!
অথিৰ অবিৰ হই ঘোৰ যন্ত্ৰণাত
ধৰ্ ফৰ্ ধাৰ্ ফাৰ্ কৰিলা বহুত
বোৱাই তেজেৰে নই শোৱনী কোঠাত!!
“কি হ’ল? কি হ’ল?” বুলি আহিলে সোমাই
ইয়াগোৰ পত্নী, সখী অমিলী (৮) তোমাৰ;
ভয়ঙ্কৰ কাণ্ড দেখি, কান্দিব’ ধৰিলে
ইনাই বীনাই টুকি চকুলো দুধাৰ॥
(৮) Emilia.....Iagoৰ ঘৈনিয়েক। এওঁ ডেচ্ দিমোনাৰ সখী। এৱেঁই গিৰিয়েকৰ ফুচুলনিত ডেচ্ দিমোনাৰ ৰুমালখন চুৰ কৰি আনি
Iagoৰ হাতত দিয়েহি। [ ১৬ ]ডিঙ্গিত সাবতি ধৰি শুধিলে অমিলী
“কাৰ দোষে, সখি! আাজি ই দশা তোমাৰ?”
“কাৰো নাই দোষ, সখি!” বুলিলা সুন্দৰি!—
“আপোনাৰ কৰ্ম্ম-ফল! দোষ আপোনাৰ!!
এই বুলি আদ্যোপান্ত বুলিলা সখীক,-
শুনিলে অমিলী টুকি চকুলো দুধাৰ॥
(১৮)
কান্দি কান্দি ক’লে সখী অমিলী তোমাক
“তেনে, সখি! মোৰ দোষে ই দশা তোমাৰ!
“স্বোৱামীৰ কূট বুদ্ধি, মোৰ মুৰ্খামীত
“অকালত পালে ধ্বংস সোণৰ সংসাৰ!!
“বুজিব নোৱাৰি, সখি! স্বামীৰ ছলনা
“মনে মনে দিলো আনি ৰুমাল তোমাৰ!
“হায়! সখি! আজি দেখোঁ সেই ৰুমালেই
“অগনি জ্বলাই পোৰে তোমাৰ সংসাৰ!!
“ই পাপৰ ফলে, জানো, (কান্দিছে পৰাণ!)
“নৰকতো স্থান মোৰ নহ’ব নিশ্চয়!”
এই বুলি কান্দি সখী ক'লে ওথেলোক,-
সেনাপতি! সখী মোৰ অসতী নহয়॥
“কৌশল-জালত পৰি দুষ্ট মানুহৰ
“বিশ্বাসঘাতিনী ভবা সখীক প্ৰাণৰ॥”
(১৯)
কাঢ়ি এটি হুমুনীয়া চকু দুটি মেলি
বুলিলা সখীক, ডেচি! “সখী মৰমৰ!
“আনে কটা নাই মোক, কাটিলো নিজেই,
“নিজেই কৰিলো শেষ এই জীৱনৰ!
“নাকান্দিবা তুমি, সখি! মোৰ বেজাৰত
“নুটুকিবা চকুপানী, সকলো মৰিম,
“আৰু, নাথ! নাকান্দিবা তুমিও শোকত,
“মৃত্যুৰ পাছতো মই ইয়াকে চিন্তিম;
“জীৱনে মৰণে যেন তুমিয়েই স্বামী
“সি জন্মতো স্বামী যেন তোমাকেই পাও
“অনন্ত প্ৰেমেৰে ভৰা স্বৰ্গৰ মাজতো
“তোমাৰ পাৱতে যেন দেহাটি বিকাওঁ॥”
এই বুলি চকু দুটি মুদিলা, সুন্দৰি!
স্বৰগত গ’লা পাছে দেহ পৰিহৰি॥
(২০)
নাপালা দেখিব’ তুমি, তোমাৰ শোকত
অমিলী সখীয়ে, ডেচি! ত্যজিলে পৰাণ
আপোনা-আপুনি কাটি আপোনাৰ ডিঙ্গি
সখী-প্রেম-মৰমৰ দেখাই প্ৰমাণ॥
অমিলীৰ মুখে শুনি ৰুমালৰ কথা,
ষড়যন্ত্ৰ ইয়াগোৰ পাৰিলে বুজিব
স্বামীয়ে তোমাৰ, ডেচি! পতিব্ৰতা তুমি ;
ঘোৰ সন্তাপত পাছে ধৰিলে কান্দিব॥
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ
প্ৰাণৰ স্বামীয়ে, সতি! দাৰুণ হিংসাত
সংহাৰিলে দুষ্টমতি ইয়াগোৰ প্ৰাণ!
(ই দশা তোমাৰ আজি যাৰ মন্ত্ৰণাত!!)
কোনে জানে, ইয়াগোৰ আত্মা যাব ক’ত?
পাব নে স্বৰগ? নেকি ৰ’ব নৰকত?
(২১)
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ
নৰহত্যা অপৰাধে অপৰাধী আজি;
তোমাৰ শোকত হই বিয়াকুল প্রাণ
উখাহলে দুয়ো চকু শোকে কান্দি কান্দি!!
বুলিলে শোকেৰে, “ডেচি! ওথেলোৰ প্ৰাণ!
“ওথেলো-হৃদয়-দেবি! তুমি যোৱাঁ গই,
“অনন্ত প্ৰেমেৰে ভৰা স্বৰ্গৰ মাজত
“খেলিবা অনন্দে তাত দেৱকন্যা লই॥
“কিন্তু প্ৰিয়ে! নুভুলিবা ভ্ৰান্তিৰ বশতো
“নাকিবা হিয়াত তুমি ছবি প্ৰণয়ৰ,
“তুমি আমি একো নাই, মাথোঁ ছঁয়াময়!
“ছঁয়ামায়া দুয়ো যায় পাছে দুদিনৰ॥
“সংসাৰৰ ছঁয়াবাজী বুজিব’ নোৱাৰি,
“ফুৰোঁ মাথোঁ মুৰ্থ আমি প্ৰণয় বিচাৰি॥
(২২)
নেদেখিলা তুমি, ডেচি ! এই বুলি কৈয়ে
তৰোৱালে স’তে ৰেপি ডিঙ্গি আপোনাৰ,
তোমাৰ বিৰহ-তাপ সহিব নোৱাৰি,
ধালখাই পৰি গ’ল ওথেলো তোমাৰ॥
ডিঙ্গিত সাবতি ধৰি খাই এটি চুমা
শোকেৰে বুলিলে,—“ডেচি! বিদৰিছে হিয়া
“মৃত্যুৰ আগৈয়ে মই খাইছিলো চুমা,
"অন্তিমতো খাওঁ এটি, চুমা এটি দিয়াঁ॥”
এই বুলি দুয়ো গালে খালে দুটি চুমা,
উন্মাদ ওথেলো আজি দোৰ্ঘৰ উন্মাদ!
“প্রাণপ্রিয়া ডেচি!” বুলি মুদিলে দুচকু,
পৰিহৰি প্রাণ, পাছে, ভুলিলে বিষাদ!!
ভ্ৰান্তিৰ ছলত পৰি আজি হাহাকাৰ!
ভস্মীভূত হ’ল পুৰি সোণৰ সংসাৰ॥
১১⸺৫⸺১৩
অন্ত।
⸻*⸻