সমললৈ যাওক

ডেচ্‌দিমোনা কাব্য/অঙ্গিলা ঊছৰ্গা

ৱিকিউৎসৰ পৰা



অঙ্গিলা।
 (From Goldsmith's
   Vicar of Wakefield.)

উছৰ্গা
  প্ৰাণাধিকা ৺বিমলা আইদেওলৈ।  
বিমলা! --মৰমৰ ভনীটি!
আজি পুৰা ১১ বছৰ হ’ল
তুমি আমালোকৰ মায়া পৰিতাগ কৰি অনন্ত
ধামলৈ গৈছা। গৈছা হয়,—কিন্তু তোমাৰ
সেই সুৱলা মধুৰ “মাজু কাই”
মাতশাৰি তোমাৰ।
"মাজুকাই"ৰ কাণত বীণাধ্বনিৰ দৰে আজিও
বাজিছে। আজি মনত কি-এক
অনিৰ্ব্বচনীয় ভাব লই, তোমাৰ
পবিত্ৰ নাম এই ক্ষুদ্ৰ পুথিখনিৰ
লগত সংযোজিত কৰিলো।
বিশ্বব্যাপী জগত পিতাই তোমাৰ আত্মাক
শান্তি দিয়ক।

  ইতি---
 তোমাৰ মৰমৰ
১৪ এপ্ৰেল ১৯১৪
যোৰহাট।
} “মাজুকাই”।