পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

ডেচ্‌দিমোনা

   ( ৪ )
পুনু কিবা ভাবি মনে, ললে তৰোৱাল
আপোন হাতত তুলি স্বামীয়ে তোমাৰ!
দীঘল দুখৰ এটি হুমুনীয়া কাঢ়ি
উলিয়ালে দুচকুত চকুলো দুধাৰ॥
ঘোৰ টোপনিত তুমি! চাই তোমালই
বুলিব’ ধৰিলে শোকে, “ওথেলোৰ প্ৰাণ!
“বিশ্বাস ঘাতিনী কিয় হ’লা এনেকুৱা?
আৰু হ’বা অবিশ্বাসী থাকিলে পৰাণ!!
শুনা, জ্বলিথকা চাকি শোৱানী কোঠাৰ!—
তোমাক নুমাওঁ যদি, পুনু ইচ্ছা হ’লে,—
জ্বলাব পাৰিম; কিন্তু জীৱনৰ চাকি
নুমালে প্ৰিয়ার হায়! আকউ নজ্বলে!!
'চিঙ্গিলে গোলাপপাহি লেৰেলি শুকাব,
গছত থকাৰ দৰে আৰু নোগোন্ধাব॥ ”

   ( ৫ )
আপোনাৰ মুখখনি ধীৰেৰে চপাই
আনিলে ওথেলো, ডেচি! (৭) লাহৰী গালত


(৭) ডেচ্‌দিমোনাক সম্বোধনত ‘ডেচি” বোলা হৈছে।