পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

ডেচ্‌দিমোনা

১৭

“কৌশল-জালত পৰি দুষ্ট মানুহৰ
“বিশ্বাসঘাতিনী ভবা সখীক প্ৰাণৰ॥”

   (১৯)
কাঢ়ি এটি হুমুনীয়া চকু দুটি মেলি
বুলিলা সখীক, ডেচি! “সখী মৰমৰ!
“আনে কটা নাই মোক, কাটিলো নিজেই,
“নিজেই কৰিলো শেষ এই জীৱনৰ!
“নাকান্দিবা তুমি, সখি! মোৰ বেজাৰত
“নুটুকিবা চকুপানী, সকলো মৰিম,
“আৰু, নাথ! নাকান্দিবা তুমিও শোকত,
“মৃত্যুৰ পাছতো মই ইয়াকে চিন্তিম;
“জীৱনে মৰণে যেন তুমিয়েই স্বামী
“সি জন্মতো স্বামী যেন তোমাকেই পাও
“অনন্ত প্ৰেমেৰে ভৰা স্বৰ্গৰ মাজতো
“তোমাৰ পাৱতে যেন দেহাটি বিকাওঁ॥”
এই বুলি চকু দুটি মুদিলা, সুন্দৰি!
স্বৰগত গ’লা পাছে দেহ পৰিহৰি॥