সমললৈ যাওক

পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডেচ্‌দিমোনা

তোমাৰ, পৰাণভৰি খালে এটি চুমা
জীৱনৰ শেষ , কত হেপাহত॥
আৰু এটি খালে, ডেচি! বুলিব’ ধৰিলে
উন্মাদৰ দৰে চাই তোমাৰ মুখনি,-
আৰু এটি, প্ৰাণপ্ৰিয়া! ওথেলোৰ প্ৰাণ!
আৰু দিয়া এটি চুমা হিয়া জুৰনী॥
ডেচ্‌দিমোনা! প্ৰাণপ্ৰিয়া! — ওথেলো পিশাচ!
শিলেৰে বন্ধাই হিয়া আজি অকালত
বধিম তোমাৰ প্ৰাণ! থাকিবানে প্ৰিয়ে!
ই মোহিনী মুৰ্ত্তি লই মৃত্যুৰো পাছত?
তোমাৰ মৃত্যুত, প্ৰিয়ে! কান্দিম বীনাই!
দিয়াঁ খাওঁ চুমা এটি হেপাহ পূৰাই॥

   ( ৬ )
মোহ মায়া ভালপোৱা স্নেহ সংসাৰৰ
কৰ্ত্তব্য পথত যেন জেউ বগৰিৰ!
মুহুৰ্ত্তৰ পাছে যাৰ প্ৰাণৰূপী পখী
এৰি যাব দেহ-সজা নশ্বৰ শৰীৰ॥
কি আশ্চৰ্য্য লীলা, হায়! বুজিব নোৱাৰোঁ,
তালই ওপজে মায়া? তালই মৰম?