পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কিন্তু, হায়! কান্দে প্ৰাণ! কপাল-দোষত
দুষ্ট ইয়াগোৱে (৫) পাছে, বিপদ ঘটালে॥
অন্তৰ কুভাবে ভৰা দুষ্ট ইয়াগোৰ
ইয়াগো নীচ প্ৰকৃতি, পাপীষ্ঠ দোৰ্ঘোৰ॥

   ( ২ )
কত ষড়যন্ত্ৰ কৰি, কান্দি উঠে প্ৰাণ!
কেচিওৰে স’তে (৬), সতি! দিলে অপবাদ
দুষ্টমতি ইয়াগোৱে, সন্দেহ জন্মাই
ওথেলোৰ অন্তৰত, ঘটালে প্ৰমাদ!
সতীত্বত কৰি, সতি! বিষম সন্দেহ
উন্মাদৰ দৰে হ’ল স্বোৱামী তোমাৰ
বিষাদ ডাৱৰে আহি বেলি ওথেলোৰ
ঢাকিলে হঠাত, হায়! কৰি অন্ধকাৰ॥
কত যে হেপাহ কৰি হৃদয়-ক্ষেত্ৰত
যি লাহৰী আশালতা ৰূলে ওথেলোই


(৫) Iago–এওঁ এজন সৈনিক; এওঁ বৰ কুপ্ৰকৃতিৰ মানুহ আছিল।
(৬) Cassio এওঁ এজন সৈনিক। ইয়াগোৱে মিছা ষড়যন্ত্ৰ কৰি এওঁৰে সৈতেই ডেচ্‌দিমোনাৱ অপবাদ দিয়ে। ওথেলোৰ মনত বিষম সন্দেহ উপস্থিত হই, উন্মাদৰ দৰে হয়।