পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

ডেচ্‌দিমোনা

১৮

   (২০)
নাপালা দেখিব’ তুমি, তোমাৰ শোকত
অমিলী সখীয়ে, ডেচি! ত্যজিলে পৰাণ
আপোনা-আপুনি কাটি আপোনাৰ ডিঙ্গি
সখী-প্রেম-মৰমৰ দেখাই প্ৰমাণ॥
অমিলীৰ মুখে শুনি ৰুমালৰ কথা,
ষড়যন্ত্ৰ ইয়াগোৰ পাৰিলে বুজিব
স্বামীয়ে তোমাৰ, ডেচি! পতিব্ৰতা তুমি ;
ঘোৰ সন্তাপত পাছে ধৰিলে কান্দিব॥
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ
প্ৰাণৰ স্বামীয়ে, সতি! দাৰুণ হিংসাত
সংহাৰিলে দুষ্টমতি ইয়াগোৰ প্ৰাণ!
(ই দশা তোমাৰ আজি যাৰ মন্ত্ৰণাত!!)
কোনে জানে, ইয়াগোৰ আত্মা যাব ক’ত?
পাব নে স্বৰগ? নেকি ৰ’ব নৰকত?

   (২১)
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ
নৰহত্যা অপৰাধে অপৰাধী আজি;
তোমাৰ শোকত হই বিয়াকুল প্রাণ